মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: সমগ্ৰ দেশজুৰি এইবাৰ উলহ-মালহেৰে উদযাপন কৰা হ’ল ‘আজাদি কা অমৃত মহোৎসৱ’। আজাদি কা অমৃত মহোৎসৱৰ উল্লাসে উল্লাসিত কৰিলে সমগ্ৰ দেশবাসীক। ইয়াৰ পিছতো কিন্তু গ্ৰাম্যাঞ্চলৰ বহু লোকে আজিও স্বাধীনতাৰ ‘অমৃত’ পান কৰিবলৈ সক্ষম হোৱা নাই।
দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছতো অসমৰ আজিও এনে বহু গাঁও আছে নাই ন্যূনতম সা-সুবিধা, সকলো দিশতে এই অঞ্চলসমূহ তাত থকা লোকসকল যেন বঞ্চিত আৰু অৱহেলিত হৈ ৰৈছে।
তেনে এটি অৱহেলিত অঞ্চল হৈছে তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰী অঞ্চল। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত টেকেৰী ডুৱাগাওঁ আজিও সকলো দিশতে বঞ্চিত আৰু অৱহেলিত।
যাতায়াতৰ নামত টেকেৰী ডুৱাগাওঁ সংযোগী কুলাজান নৈৰ ওপৰত আজিও হৈ নুঠিল এখন দলং। এখন দলং নথকাৰ বাবে বিপদ সংকুল পথেৰে নিতৌ যাতায়ত কৰিব লগীয়া হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজে।
বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বজাৰ-সমাৰ কৰিবলৈ যোৱাকে ধৰি চিকিৎসা কৰিবলৈ যোৱা ৰোগীজনলৈকে প্ৰতিজন লোকেই বাঁহৰ এখন দলঙৰ ওপৰেদি জীৱনটো বুকুত বান্ধি যাতায়ত কৰিব লগীয়া হৈছে। দলং নথকাত গাওঁখনত এম্বুলেঞ্চ আদি বাহনো প্ৰৱেশ কৰিব নোৱাৰে।
মুঠৰ ওপৰত যাতায়ত ক্ষেত্ৰত অঞ্চলটো লোকসকলে সেই মান্ধাতা যুগৰ বাঁহৰ দলঙৰে আশ্ৰয় ল’ব লগা হৈ আহিছে। বছৰৰ পিছত বছৰ মৰণফান্দ সদৃশ এখন পৰিত্যক্ত দলঙৰ ওপৰেৰে যাতায়ত কৰি আহিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে।
স্থানীয় লোকে যাতায়তৰ সুবিধাৰ্থে শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায়।
লগতে পঢ়ক – ফেক্ট-চেক: পাকিস্তানত হিন্দু মহিলাৰ ওপৰত চলোৱা হৈছে নিৰ্মম অত্যাচাৰ?