কমাৰগাঁও (গোলাঘাট): সুৰ সম্ৰাজ্ঞী, ভাৰত ৰত্ন লতা মংগেশকাৰৰ মহা প্ৰয়াণত সমগ্ৰ দেশ শোকস্তব্ধ হোৱাৰ লগতে গোলাঘাট জিলাৰ খুমটাইটো শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে।

আজি খুমটাইত খুমটাই আঞ্চলিক কৃষক আৰু জব-কাৰ্ড শ্ৰমিক সন্থাৰ উদ্যোগত খুমটাই ৰাজহুৱা জলধাৰা আঁচনিৰ চৌহদত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিভিন্ন জনে গীতৰ জৰিয়তে সকলো স্তৰৰ লোকৰ হৃদয়ত স্থান দখল কৰা মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জনায়।

খুমটাই আঞ্চলিক কৃষক আৰু জব-কাৰ্ড শ্ৰমিক সন্থাৰ সম্পাদক বাবুল গগৈয়ে আঁতধৰা অনুষ্ঠানত কঠালগুৰি খণ্ড উন্নয়ন বিষয়া সঞ্জীৱ বৰাই কোকিল কন্ঠী গায়িকা গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যৰ্পন অৰ্পণ কৰে।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত কঠালগুৰি খণ্ড উন্নয়ন বিষয়া সঞ্জীৱ বৰা, গোলাঘাট জিলাৰ প্ৰকল্প সঞ্চালক অভিনাশ শইকীয়া, অভিযন্তা অৰুণ কুমাৰ সিং, সাংবাদিক চন্দন বৰা আদিয়ে ভাৰতীয় সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ গৰাকীৰ স্মৃতিৰাজী স্মৰণ কৰে।

অনুষ্ঠানত খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অধ্যাপক তথা জ্যেষ্ঠ বিজ্ঞানী ভবেশ ডেকা, অভিযন্তা আদিত্য প্ৰকাশ গগৈ, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পুষ্পাৰাণী গগৈ, সচিব বিজন কুমাৰ দাসৰ লগতে এশৰো অধিক জব কাৰ্ড শ্ৰমিকে লতা মংগেশকাৰৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনায়।

লগতে পঢ়ক – JNU-ৰ উপাচাৰ্য্য নিযুক্তিক লৈ বিতৰ্ক; এইয়া ‘নিৰক্ষৰতাৰ প্ৰদৰ্শন’: বিজেপি সাংসদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply