প্ৰতিনিধিত্বমূলক ছবি

মৰিগাৱৰ দক্ষিণ ধৰমতুলৰ পিছত ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ অধীনত ঘোঁৰামৰাৰ চেঙলি জান চাহ বাগিচাৰ শ্ৰমিকৰ মাজতো সংঘটিত হৈছে কিডনী বিক্ৰী আন এক ভয়ংকৰ ঘটনা।
অৰ্থৰ অভাৱত বাগিছাৰ এজনৰ পাছত এজন শ্ৰমিকে বিক্ৰী কৰিছে অংগ আৰু দালালৰ পাকচক্ৰত পৰিয়েই এনেদৰে বিক্ৰী কৰিবলগীয়া হৈছে নিজ শৰীৰৰ অংগ। এতিয়াও বহুজন কিডনী বিক্ৰীৰ বাবে কলকাতাত বাহৰ পাতিছেগৈ |

লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত মদাৰখাত মৌজাৰ ঘোঁৰামৰা উপ আৰক্ষী চকী অধীনৰ তথা সমীপৰ চেংলিজান চাহ বাগিচাত মানৱ দেহা অংগ ব্যৱসায়ৰ কথা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা বিষয়ববীয়া তথা অঞ্চলটোৰ এগৰাকীৰ সক্ৰিয় কৰ্মী হেমন্ত কুজুৰকে ধৰি সংগঠনটোৰ বিষয়ববীয়াই দীৰ্ঘ দিনৰ পৰা এই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি আছিল আৰু সেই সন্দেহ বৰ্তমানে সত্য হিচাপে প্ৰমাণিত হৈছে।

চাহ বাগিচা খনৰ সহজ সৰল শ্ৰমিক সকলক ধনৰ প্ৰলোভন দেখুৱাই এচাম অসাধু তথা মানৱ অংগৰ ব্যৱসায় কৰা দালাল চক্ৰ চাহ বাগিছাত সোমাই মানৱ দেহৰ অংগ ব্যৱসায়ত নামি পৰা বুলি মুকলিকৈ ব্যক্ত কৰিছে।

লগতে পঢ়ক প্ৰথম অসমীয়া লাভলীনা বৰগোঁহাইক লৈ কিমান সচেতন আমাৰ ক্ৰীড়াপ্ৰেমী

চেংলিজান চাহ বাগিচাৰ পকা লাইনৰ ৰামু কৰ্মকাৰে প্ৰায় আঠ মাহৰ পূৰ্বে কলকতাত কিডনী বিক্ৰী কৰি থৈ আহে আৰু বিনিময়ত চাৰে তিনি লাখ টকা লাভ কৰা বুলি জানিবলৈ দিয়ে।ডিব্ৰুগড়ত দিন হাজিৰা কৰিবলৈ গৈ তেওঁ জীৱেশ্বৰ ডেকা নামৰ এজন ব্যক্তিৰ প্রলোভনত প্ৰথমে গুৱাহাটী আৰু পৰৱৰ্তী সময়ত কলকতালৈ গৈ কিডনী বিক্ৰী কৰি থৈ অহা বুলি নিজে স্বীকাৰ কৰিছে।

আনহাতে আন এক চাঞ্চল্যকৰ তথ্য মতে চলিত বছৰৰ যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা উক্ত বাগিচাৰে বীণা মিৰ্ধা তেখেতৰ স্বামী সুনীল মিৰ্ধা আৰু কন্যা নিকিতা মিৰ্ধা সহ প্ৰথমে গুৱাহাটী আৰু গুৱাহাটীৰ পৰা কলকতালৈ গৈ বৰ্তমানেও নিজ গৃহলৈ ঘুৰি অহা নাই।

এই পৰিয়ালটো কিডনী ব্যৱসায়ীৰ দালালৰ কৱলত পৰাটো একপ্ৰকাৰ নিশ্চিত বুলি আটছাই উল্লেখ কৰিছে।আনহাতে বাগিচা খনৰে অজিত বাউৰী নামৰ আন এজন যুৱক বহু দিনৰে পৰা সন্ধানহীন হৈ থকা ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা লগতে মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায়ীৰ কৱলত পৰা বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ বাবেই মানৱদেহৰ অংগ বিক্ৰীৰ ভয়ংকৰ তথ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply