হোজাই : হোজাই জিলা নিৰ্বাচনী বিষয়াৰ SVEEP কোষৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত SVEEP কাৰ্যকলাপৰ অংশ হিচাপে নতুন ভোটাৰ সকলকৰ মাজত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
ভোটাৰসকলৰ মাজত ভোটদানৰ প্ৰতি সজাগতা আৰু সচেতনতা বৃদ্ধিৰ লগতে তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে জিলাখনৰ বিভিন্ন স্থানত হোজাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ইয়াৰ অংশ হিচাপে জন সচেতনতামূলক প্ৰচাৰ অভিযানৰ উপৰিও কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতা, দেৱাল অংকণ প্ৰতিযোগিতা, ঠাইতে নতুন ভোটাৰৰ পঞ্জীয়ণৰ লগতে বাটৰ নাট প্ৰদৰ্শনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হয়।
এই কাৰ্যসূচী সমূহৰ জৰিয়তে হোজাই জিলা নিৰ্বাচনী বিভাগৰ অধীনত নতুন ভোটাৰক আকৰ্ষণ আৰু ভোটদানৰ প্ৰতি ভোটাৰক আগ্ৰহী কৰি তোলাৰ প্ৰেচেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : সংসদলৈ ট্ৰেক্টৰ যাত্ৰা কাৰ্যসূচী বাতিল কৰিলে কৃষক সকলে