অসমক বান সাহায্য আগবঢ়াইছে বহুজাতিক প্ৰতিষ্ঠান Walmart Foundation আৰু Flipkart Foundation-এ। বৃহস্পতিবাৰে দুয়োটা প্ৰতিষ্ঠানে অসমত বান সাহায্যৰ উদ্দেশ্যে ২ কোটিতকৈ অধিক টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

এই পুঁজিৰ জৰিয়তে ‘Doctors For You’ নামৰ মানৱতাবাদী সংস্থাটোয়ে অঞ্চলটোত বান পীড়িত লোকসকলক সহায় কৰিব বুলি দুয়োটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত কোৱা হৈছে।

‘Doctors For You’ নামৰ সংস্থাটোৱে বান পীড়িত লোকসকলক স্বাস্থ্যসেৱা আৰু মানসিক সহায় আগবঢ়োৱাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আদিৰ যোগান ধৰে।

উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন ঠাই বানপানীৰ কবলত থকাৰ সময়ত ফ্লিপকাৰ্টে ইয়াৰ চিএছআৰ সেৱাৰ জৰিয়তে Goonj-ৰ সৈতে লগ লাগি বান সাহায্যৰ প্ৰতি সহায় আগবঢ়াই আহিছে।

অসমলৈ অৰ্থ সাহায্য আগবঢ়াই ৱালমাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া Julie Gehrki কয়, ‘’অসমৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্তসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিছো আৰু Flipkart Foundation-ৰ সৈতে মিলি আমি বান সাহায্যক সহায় কৰি বিচাৰো।‘’

লগতে পঢ়ক – এনটিপিচিৰ উদ্যোগত কোকৰাঝাৰৰ চালাকাটিত বালিকা সবলীকৰণ অভিযান মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply