নিউজ ডেস্ক : জলসম্পদ বিভাগে এক বিজ্ঞাপন যোগে বিভাতটোত খালী হৈ থকা ১০০ টা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে ২৪ ছেপ্টেম্বৰৰ পূৰ্বে অনলাইন যোগে আৱেদন কৰিব পাৰে।
পদ সমূহ হৈছে সহকাৰী অভিযন্তা (চিভিল) ৬৩ টা পদ আৰু কনিষ্ঠ অভিযন্তা ৩৭ টা পদ।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা –
সহকাৰী অভিযন্তা পদৰ বাবে প্ৰাৰ্থী গৰাকী AICTE- ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙত বি. ই বা সমপৰ্য্যায়ৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
কনিষ্ঠ অভিযন্তা পদৰ বাবে প্ৰাৰ্থী গৰাকী AICTE- ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙত তিনি বছৰীয়া ডিপ্লমা থাকিব লাগিব।
সহকাৰী অভিযন্তাৰ মাহিলি দৰমহা ৩০,০০০ টকাৰ পৰা ১,১০,০০০ টকা, গ্ৰেড পে’ ১২,৭০০ টকা। কনিষ্ঠ অভিযন্তাৰ মাহিলি দৰমহা ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা, গ্ৰেড পে’ ৮,৭০০ টকা।
প্ৰাৰ্থীৰ বয়স ০১,০১,২০২১-ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। এছ চি, এছ টি প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৫ বছৰ, অ’বিচি, এমঅ’বিচি প্ৰাৰ্থীৰ ৩ বছৰ আৰু পিডব্লিউডি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই থাকিব।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : ফকিৰগঞ্জ, পামপাৰা-চতলাৰপাৰ, ৰাভাটাৰী, বাউসকাটা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া