গুৱাহাটী: ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত আগন্তুক বাৰিষাৰ সময়ত বানপানী প্ৰতিৰোধৰ বাবে বিভাগীয় প্ৰস্তুতি বিষয়ক এখন পৰ্যালোচনা বৈঠকত অংশ লয় | বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড0 জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে অধীক্ষক অভিযন্তা তথা সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ পৰা জিলাভিত্তিত বানপানীৰ সময়ৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বিষয়ে বুজ লয় |

আগন্তুক বাৰিষাৰ বাবে প্ৰতিখন জিলাৰে স্পৰ্শকাতৰ অঞ্চলসমূহৰ বিষয়ে বুজ লৈ মন্ত্ৰীগৰাকীয়ে বিভাগক এই স্পৰ্শকাতৰ অঞ্চলসমূহত ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। আগন্তুক সময়খিনিত বিভাগৰ সকলোকে সকলো সময়তে সজাগ থাকি কাম কৰিবলৈ তেঁও আহ্বান জনায় যাতে বিগত বৰ্ষৰ দৰেই এইবাৰো বানপানী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফলতা পোৱা যায়| আনহাতে বিভাগীয় ঠিকাদাৰসকলো উপস্থিত থকা আজিৰ পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি সকলো ঠিকাদাৰকে কৰি থকা কামসমূহ সোনকালে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে |

অন্যহাতে স্পৰ্শকাতৰ মথাউৰিৰ অংশ পৰ্যবেক্ষণ অথবা বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ জনসাধাৰণৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক পঞ্চায়ত পৰ্যায়ত সাধাৰণ ৰাইজৰ লগত মথাউৰি ব্যৱস্থাপনা সমিতি গঠন কৰি মথাউৰি নিৰীক্ষণৰ কাম সূচাৰুৰূপে চলাবলৈ নিৰ্দেশ দিয়ে | অভিযন্তাসকলক মথাউৰি যাতে নাভাঙে সেয়া সুনিশ্চিত কৰিবলৈ এতিয়াৰ পৰা কেইমাহমানলৈ মথাউৰিৰ সুৰক্ষাক প্ৰাধান্য দিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে | আনহাতে বানপানীৰ সময়ত প্ৰয়োজন হোৱা জিঅ’ বেগ, পলিয়েষ্টাৰ বেগ তথা পাৰ্কুপাইন আদি যাতে স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওচৰে পাজৰে থাকে সেয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয়ে বৰমূৰীয়াক নিৰ্দেশ দিয়ে |

আজিৰ সভাতে একাংশ ঠিকাদাৰে বিগত ডেৰ-দুই বছৰে কাম শেষ কৰিব নোৱাৰা কথাটো জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰ আৰু কামত আপোচ কৰা ঠিকাদাৰৰ বিপক্ষে প্ৰয়োজনসাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈও অভিযন্তাসকলক কঠোৰ নিৰ্দেশ দিয়ে | 

বানপানীয়ে ৰাজ্যখনৰ দুখীয়া মানুহকহে সাধাৰণতে বেছিকৈ সমস্যাত পেলায় বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে যাতে তেঁওলোকে সাধাৰণ মানুহৰ জীৱনৰ লগত হেতালি নেখেলে | মন্ত্ৰীগৰাকীয়ে বিভাগীয় সকলো অভিযন্তাকে আগন্তুক বাৰিষাৰ সময়ত যাতে এটাও মথাউৰি নাভাঙে সেয়া সুনিশ্চিত কৰিবলৈ সকলো সময়তে মথাউৰিসমূহৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়ে |

আজিৰ সভাতে উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (NESAC) ৰ সঞ্চালক ড° এছ.পি. আগৰৱালা আৰু অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক পি.এল.এন. ৰাজুয়ে পৰীক্ষামূলকভাৱে অসমৰ পাঁচটা দলনি অঞ্চল (Wetland)ক নিকটতম নদীৰে সংযোগ কৰাৰ বিষয়ে এটা উপস্থাপন দিয়ে |

লগতে পঢ়ক – ধেমাজিত ৮ পৰা ১০ এপ্ৰিললৈকে চতুৰ্থ আন্তঃবিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ-২০২২

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply