গুৱাহাটী : অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰক ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত যোৱা এসপ্তাহ ধৰি বৃহত্তৰ চন্দ্ৰপুৰবাসী ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ড বৰাগাঁৱৰ পৰা চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰা হৈছে।
চন্দ্ৰপুৰত থকা অসম চৰকাৰৰ অচল হৈ পৰি থকা তাপবিদ্যুত কেন্দ্ৰক ডাম্পিং গ্ৰাউণ্ডৰ বাবে ঠিক কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বিনষ্ট হৈ পৰিব বুলি স্থানীয় লোকসকলে আশংকা কৰিছে।
অসম চৰকাৰে কামৰূপ মহানগৰ প্ৰশাসনক বৰাগাঁৱত থকা ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰি চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত যোৱা ২৮ জুনৰ পৰা গুৱাহাটী পৌৰ নিগমে উক্ত স্থানখিনিত জাবৰ পেলোৱা আৰম্ভ কৰিছে।
২৬ জুনত পৌৰ নিগমৰ বিষয়াসকলে তাপবিদ্যুৎ কেন্দ্ৰটোৰ ভিতৰৰ স্থানখিনি ডাম্পিং গ্ৰাউণ্ডৰ বাবে মুকলি কৰিবলৈ অহা দিনাৰে পৰা অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে। যোৱা ২৮ জুনত পৌৰ নিগমে আৰক্ষী আৰু কেন্দ্ৰীয় শসস্ত্ৰ আৰক্ষী বাহিনীৰ সুৰক্ষা বেষ্টনীৰে ৭-৮খন ট্ৰাকত অনা জাবৰ নতুন ডাপিং গ্ৰাউণ্ডত পেলাবলৈ উপস্থিত হোৱাৰ পিছত স্থানীয় লোকসকলে এক ১০ ঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহে।
স্থানীয় লোকসকলে অভিযোগ কৰা মতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ ফলত বিখ্যাত পবিতৰা অভয়াৰণ্য, আমচাং অভয়াৰণ্য, কলং কপিলী, ডিগাৰু, ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্যৰে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলে ইয়াৰ বৈশিষ্ট্য হেৰোৱাই পেলাব।
উক্ত ডাম্পিং গ্ৰাউণ্ডে কলং কপিলী, ডিগাৰু, ব্ৰহ্মপুত্ৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব বুলি অঞ্চলবাসীয়ে মত প্ৰকাশ কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ নেতা টুটুমণি কলিতাই কয়, ‘২০১৯ চনৰ ৮ আগষ্টত চৰকাৰে চন্দ্ৰপুৰ তাপবিদ্যুত কেন্দ্ৰক জাবৰ নিষ্কাশনৰ স্থান হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দিনাৰ পৰাই অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰি আহিছে।’

লগতে পঢক : উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যৱসায়িক ইভেণ্ট- নৰ্থইষ্ট লঞ্চপেড; আজিয়েই পঞ্জীয়ন কৰক
‘উক্ত ডাম্পিং গ্ৰাউণ্ডে ছ’লিড ৱেষ্ট মেনেজমেণ্ট ৰুল্ছ, ২০১৬ৰ উলংঘা কৰে। প্ৰকল্পটোৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, কোনোধৰণৰ আন্তঃগাঁথনি নাই আৰু তাতকৈ ডাঙৰ কথা পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ কোনোধণৰ অধ্যয়ন কৰা নাই,’ তেওঁ কয়।
যোৱা বুধবাৰে স্থানীয় লোকসকলে নতুনকৈ বহোৱা চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ডক বেলেগ ঠাইলৈ স্থানান্তৰ কৰাৰ দাবী জনাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ‘চৰকাৰে আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত আমি প্ৰতিবাদ চলাই যাম। আমি কোনো কাৰণতে আমাৰ অঞ্চলত পৰিৱেশৰ ক্ষতি হ’বলৈ দিব নোৱাৰো,’ কলিতাই কয়।
তদুপৰি অঞ্চলবাসীয়ে অভিযোগ কৰে যে চৰকাৰৰ দ্বাৰা Integrated Solid Waste Management Facility (SWMF) হিচাপে প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডটোৰ ছ’লিড ৱেষ্ট মেনেজমেণ্ট ফেচিলিটিৰ সৈতে কোনো সাদৃশ্য নাই। অঞ্চলটোৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক জগন্নাথ ৰাজবংশীয়ে কয় যে ই শেষত গৈ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ নিচিনাই হ’ব।
‘ডাম্পিং গ্ৰাউণ্ডটোক কলং নৈত বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মিত খোৱাপানী প্ৰকল্পৰ কাষতে স্থাপন কৰা হৈছে। ফলত খোৱাপানীয়ো প্ৰদূষিত কাৰণ বৰষুণৰ বতৰত ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ গৈ নদীত পৰিব। ই আমাৰ বাবে অতিপাত ক্ষতিকৰ হ’ব,’ ৰাজবংশীয়ে কয়।
জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়, ‘মোৰ মতে ডাম্পিং গ্ৰাউণ্ড এটা আৱাসিক এলেকাৰ পৰা আঁতৰত হ’ব লাগে। আমি সকলো পক্ষৰ লগত আলোচনা কৰি কৰবাত ডাম্পিং গ্ৰাউণ্ড এটা স্থাপন কৰিব লাগিব। যি হ’লেও ডাম্পিং গ্ৰাউণ্ড এটা লাগিবই।’
চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড হৈছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী পৌৰ নিগমক আবণ্টন কৰা চাৰিটা ইন্টিগ্ৰেটেড ছ’লিড ৱেষ্ট মেনেজমেণ্ট ফেচিলিটিৰ এটা। ২০১৯ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গুৱাহাটী পৌৰ নিগমক দীপৰ বিলৰ গাতে লাগি থকা বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল।
ইংৰাজীত পঢ়ক : Assam: Why Chandrapur residents have been protesting for over a week
মূল লেখক : নিলোৎপল টিমচিনা