বোকাখাত, উত্তম কুমাৰ শৰ্মা: শনিবাৰৰ নিশা বোকাখাতৰ ভকত চাপৰি অঞ্চলৰ কেইবা ঠাইতো বন্য হস্তীয়ে চলালে সন্ত্ৰাস। নিশা অঞ্চলটোত পাহাৰৰ পৰা নামি অহা এটা হাতীৰ জাকে বিচৰণ কৰাৰ লগতে ভকত চাপৰি গাঁৱৰ মিনতি লয়িং নামৰ মহিলা গৰাকীৰ ঘৰৰ বেৰ ভাঙি পেলোৱাৰ লগতে ভকত চাপৰি বুঢ়া নামঘৰৰ দুখনকৈ পকী দেৱাল ভাঙি চূৰ্ণাকৃত কৰে।

হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰত অকলসৰে থকা মিনতি লয়িং নামৰ মহিলাগৰাকী।

ইফালে ঘটনা সম্পৰ্কত নিশাই বন বিভাগৰ লোকক অৱগত কৰা হয় যদিও ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰপ অব্যাহত থকাৰ লগতে বিভিন্ন সময়ত হাতীৰ আক্ৰমণত মৃত্যু মুখত পৰিছে শিশু, মহিলাসহ কেইবাগৰাকীও লোক। কাৰ্বিপাহাৰৰ দাঁতিকাষৰীয়া হোৱা হেতুকেই অঞ্চলটোত হাতীৰ উপদ্ৰপ দিনক দিনে বৃদ্ধি পাই আহিছে।

ইফালে সঘনাই বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰপৰ বাবে স্থানীয় ৰাইজে উক্ত এলেকাটোত দীৰ্ঘদিনৰ পৰা এটা বনৰক্ষী চকী স্থাপনৰ দাবী জনাই আহিছে যদিও এই বিষয়ত বৰ্তমানলৈকে গুৰুত্ব প্ৰদান কৰা নাই গোলাঘাট জিলা বনবিভাগৰ লগতে নুমলীগড় তথা বোকাখাতস্থিত বনবিভাগৰ কাৰ্যালয়ে।

ইয়াৰ উপৰি বনৰীয়া হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালে সংশ্লিষ্ট বিভাগৰ পৰা আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ কৰে।

আনহাতে একে নিশাই নুমলীগড়ৰ বিহৰা চাহ বাগিচাতো বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস। নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতীয়ে বিহৰা চাহ বাগিচা এম.ই স্কুলৰ পকী দেৱাল আৰু বাগিচাখনৰ নতুন লাইনৰ আকাশ নায়ক নামৰ শ্ৰমিকজনৰ বাসগৃহ ভাগি তহিলং কৰাৰ লগতে বাসগৃহৰ ব্যাপক অনিষ্ট সাধন কৰে।

ইফালে বাগিচাখনৰ দুজন লোক হাতীৰ আক্ৰমণৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – আলফা স্বাধীনত যোগদান কৰিবলৈ আহি সোণাৰিত আৰক্ষীৰ জালত মহিলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply