মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটাৰ: পোহৰৰ উৎসৱ দীপাৱলী আনন্দ উল্লাসৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰৱ সন্ত্ৰাস। দেওবাৰে নিশা মাৰ্ঘেৰিটাৰ ২নং মাকুম পথাৰৰ চিমা পথাৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে অঞ্চলটটোৰ লোকসকলৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰে।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ চলি অহা চিমা পথাৰ অঞ্চলত দেওবাৰে নিশা এটা হাতীৰ জাকে অঞ্চলটোৰ বিৰু গোৱাল নামৰ এজন ব্যক্তিৰ এটা আই ৱাই গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে একেটা অঞ্চলৰে পিত্ৰুছ গোৱালাৰ নামৰ ব্যক্তিজনৰ আন এটা গৃহ ভাঙি পেলায়।
স্থানীয় লোকে কৰা অভিযোগ অনুসৰি হাতী খেদিবৰ বাবে বন বিভাগৰ লোক আহিছিল যদিও কিছু সময় থাকি বন বিভাগৰ দলটো তাৰ পৰা উভিতি যায়।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত কাষৰীয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীয়ে চলাই অহা উপদ্ৰৱৰ ফলত অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আনহাতে আৰ্থিকভাৱে দৰিদ্ৰ বিৰু গোৱালা আৰু পিত্ৰুছ গোৱালাৰ পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে।
লগতে পঢ়ক – অসম বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদত নিযুক্তি সৃষ্টি