কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত হাতী মানুহৰ সংঘাতে এতিয়া নিত্য নৈমিত্তিক ঘটনাৰ ৰূপ লৈছে। যোৱা কিছুদিন ধৰি নামবৰ অভয়াৰণ্যৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে খুমটাইৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

হাতীৰ সন্ত্ৰাসত সম্প্ৰতি অঞ্চলটোৰ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে। মঙলবাৰে নিশা এটা তিনিজনীয়া হাতীৰ জাকে খুমটাইৰ বুঢ়ালিকচনৰ জয়ন্ত গগৈ আৰু হেমন্ত গগৈৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে কেইবাঘৰ মানুহৰ ৰবিশস্য, বাৰীৰ কলগছ আদি খোৱাৰ উপৰিও ভঁৰালৰ ধান খাই তহিলং কৰে।

হাতীৰ দলটোৱে বুঢ়ালিকচন গাঁৱৰ দুয়ো ঘৰ লোকৰ ঘৰৰ আচবাব ভাঙি গচকি অনিষ্ট কৰাৰ লগতে সকলো সা-সম্পত্তি অনিষ্ট কৰাত পৰিয়াল দুটাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

অঞ্চলটোৰ ভুক্তভোগী ৰাইজে খুমটাইত বনবিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে।

লগতে পঢ়ক – ৰাচিয়াৰ ইউক্ৰেইন আক্ৰমনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্ব নেতাৰ সৈতে ভাৰ্চুৱেল আলোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply