নিউজ ডেস্ক : নুমলীগড়ত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ ফলত শনিবাৰে এজন লোকে মৃত্যুক সাবটিব লগীয়া হয়। জানিব পৰা মতে শনিবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
নিহত লোকজনক পৰেশ লোহাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে নিশা শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে তেওঁৰ ঘৰ ভাঙি পেলায় ফলত লোকজনৰ থিতাতে মৃত্যু হয়। অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালটোৰ আন সদস্যসকলে কোনো মতে প্ৰাণ ৰক্ষা কৰে।
আনহাতে, হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত লোকজনক ৰামনাথ ভকত বুলি চিনাক্ত কৰা হৈছে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
নুমলীগড়ৰ ৪নং ৰংবঙত এই ঘটনা সংঘটিত হয়। বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও ঘৰ-দুৱাৰ ভাঙি পেলায়। উক্ত ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকল ভয়-শংকাৰ মাজত আছে।
লগতে পঢ়ক : আকাশত উৰিবলৈ সাজু এইবাৰ মটৰচাইকেল