বোকাখাত/উত্তম কুমাৰ শৰ্মা : নুমলীগড়ৰ কালিয়নী নদীৰ পাৰৰ ভাংবাৰী অঞ্চলত এটা অবৈধ বালি মহলৰ অস্থায়ী বহাত দেওবাৰে নিশা বন্য হস্তীয়ে অতৰ্কিত আক্ৰমণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হৈছে।
হাতীৰ আক্ৰমণত আকবৰ আলি নামৰ শ্ৰমিকজন থিতাতে নিহত হোৱাৰ লগতে মহম্মদ ইচলামুদ্দিন নামৰ আনজন শ্ৰমিকৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু ঘটে।
আনহাতে উক্ত আক্ৰামণত গুৰতৰভাৱে আহত দুজন শ্ৰমিকক মহম্মদ আনুৱাৰ হুছেইন আৰু মহম্মদ কুতুলাই বুলি চিনাক্ত কৰা হৈছে। আহত দুয়োগৰাকীৰে বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পাতালত চিকিৎসা চলি আছে।
জানিব পৰা মতে আটাইকেইজন লোকৰে ঘৰ নগাঁৱৰ লংকাত।
ঘটনাটো সংঘটিত হোৱাৰ পাছতে গোলাঘাট বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে জব্দ কৰিছে শিল-বালি খননত ব্যৱহাৰ কৰা বহু সামগ্ৰী ।।
উল্লেখযোগ্য যে নুমলীগড়ৰ কালিয়নী নদীৰ এই অঞ্চল সমুহত দীৰ্ঘদিন ধৰি একাংশ বালি মাফিয়াই অবৈধ বালি মহল স্থাপন কৰি দিনে-নিশাই বালি সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ পৰা ৰহস্যজনক ভাৱে বিৰত থাকি একাংশ বালি মাফিয়াক উদগনি যোগোৱাহে পৰিলক্ষিত হৈছে।
গোলাঘাট জিলা বন সংমণ্ডলৰ বিষয়া তথা নুমলীগড়ৰ খণ্ড বন বিষয়াক মেনেজ কৰি একাংশ বালি মাফিয়াই বন ধ্বংসৰ লগতে কালিয়নী নদীত অবৈধভাৱে বালি সংগ্ৰহ তথা নদী খনন কাৰ্য আজিও অব্যাহত ৰাখিছে। বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই দেওবাৰে নিশা দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
লগতে পঢ়ক : এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে