তেজপুৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে শনিবাৰে নিশা তেজপুৰ নগৰত সন্ত্ৰাসৰ সৃষ্টি কৰে।
বন বিভাগৰ লোকে জনোৱা মতে ব্ৰহ্মপুত্ৰ পাৰ হৈ অহা হাতীটোৱে শনিবাৰে নিশা তেজপুৰ নগৰত প্ৰৱেশ কৰি কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে।
হাতীটোৱে প্ৰথমতে নগৰখনৰ চান্দমাৰি অঞ্চলত খাদ্যৰ সন্ধানত এঘৰ লোকৰ পাকঘৰত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে বুলি বন বিভাগে জানিবলৈ দিয়ে।
পিছত তাৰ পৰা হাতীটো ওলাই আহি নগৰখনৰ বিভিন্ন ঠাইৰ মাজেৰে গৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত প্ৰৱেশ কৰি এখন চাৰিচকীয়া বাহনৰ লগতে দুখন দুচকীয়া বাহন ভাঙি ভাঙি চূৰমাৰ কৰে।
অৱশ্যে পিছত বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত বন বিভাগে পুৱা প্ৰায় ৩ বজাত বনৰীয়া হাতীটোক ব্ৰহ্মপুত্ৰৰ ওচৰলৈ খেদি পঠাবলৈ সক্ষম হয়।
লগতে পঢ়ক – নিমিষতে ধূলিসাৎ নয়ডাৰ আকাশচুম্বী ছুপাৰটেক টুইন টাৱাৰ