কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ খুমটাইৰ বিভিন্ন অঞ্চলত শুকুৰবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়।
বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে মৰঙী অঞ্চলৰ পৰা ধনশিৰি নদী পাৰ হৈ খুমটাই অঞ্চলত প্ৰৱেশ কৰি নৈৰ দাতিকাষৰীয়া কৃষকৰ সৰিয়হ, আলু ৰঙালাও আদি খেতি খাই, গছকি অনিষ্ট কৰে।
ইয়াৰ উপৰিও বনৰীয়া হাতী দুটাই খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ কৰি কলগছসমূহো খাই অনিষ্ট কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
জাকৰ পৰা আঁতৰি অহা হাতী দুটাক স্থানীয় ৰাইজে পিছত ব’ম, ফটকা আদি ফুটাই ধনশিৰি নৈ পাৰ কৰি দিয়ে। বনৰীয়া হাতীৰ ত্ৰাসৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজে গোটেই নিশা উজাগৰী পাৰ কৰিবলগীয়া হয় বুলি কয়।
লগতে পঢ়ক – লকডাউনৰ সুযোগত গোপনে অসমৰ পৰা বাতিল কৰা হ’ল ১২খন ট্ৰেইন