বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিপন্ন জীৱ-জন্তুৰ ত্ৰাণকৰ্তাস্বৰূপ তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি অহা কাজিৰঙাৰ মনোজ গগৈৰ যত্নত ক্ৰমাৎ সুস্থ উঠিছে মূমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা এটা প্ৰকাণ্ড মচোৱা গোম সাপ (Indian rat snake)।
স্থানীয় লোকৰ খৱৰৰ ভিত্তিত বিগত ২২ জানুৱাৰীত কাজিৰঙাৰ বগৰীজুৰি অঞ্চলৰ এখন পথাৰৰ পৰা মূমূৰ্ষ অৱস্থাত বন্যপ্ৰাণী কৰ্মী মনোজ গগৈয়ে সাপডাল উদ্ধাৰ কৰিছিল।
মুখত গুৰুতৰভাৱে আঘাত পোৱা সাপডালক গগৈয়ে কাজিৰঙাৰ ডুমজানস্থিত নিজৰ বন্যপ্ৰাণী পৰিচৰ্যা কেন্দ্ৰটোলৈ লৈ যায় আৰু যোৱা চৌধ্যতা দিনে সাপডালক চিকিৎসা প্ৰদান কৰি ক্ৰমাৎ সুস্থ কৰি তোলে।

গগৈৰ আদৰ আৰু যত্নত ইতিমধ্যে যথেষ্ট সুস্থ হৈ উঠা সাপডালক অহা দুই তিনিটা দিনৰ ভিতৰতে অৰণ্যত মুকলি কৰি দিয়া হ’ব।
উল্লেখযোগ্য যে মনোজ গগৈয়ে বিগত কেইবা বছৰ ধৰি বিপন্ন জীৱ জন্তুৰ পৰিচৰ্যা কৰি আহিছে। বন্য জীৱ-জন্তুৰ প্ৰতি থকা আন্তৰিকতা আৰু দায়বদ্ধতাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোজ গগৈ এক চিনাকি নাম হৈ পৰিছে।
এই পৰ্যন্ত ৮৬ টা প্ৰজাতিৰ চৰাই-চিৰিকতিৰ লগতে ৩১টা সৰীসৃপ আৰু ১৮টা প্ৰজাতিৰ অন্যান্য জীৱ-জন্তুকে ধৰি পাঁচ হাজাৰৰো অধিক দুৰ্গত বন্যপ্ৰাণীৰ উদ্ধাৰৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে গগৈয়ে।
“প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ বুকুতেই থাকিব লাগে”এই মূল মন্ত্ৰৰে একান্ত নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি অহা পৰিৱেশকৰ্মী গৰাকীৰ মতে – “কেৱল নিদিষ্ট ব্যক্তি, নিদিষ্ট বিভাগ অথবা এটা নিদিষ্ট সংস্থাৰ দ্বাৰা বন্যপ্ৰাণী সুৰক্ষিত হ’ব নোৱাৰে, ইয়াৰ বাবে সকলো প্ৰান্তৰ প্ৰতিজন ব্যক্তিৰেই থাকিব লাগিব সদিচ্ছা আৰু সচেতনতা।”
লগতে পঢ়ক – আছাদুদ্দিন ওৱেছিৰ বাহনত গুলীচালনাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ