মঙলদৈ, প্ৰবীণ বৰুৱা: ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কোঁচ ৰাজবংশী সন্মিলনীয়ে। মঙলবাৰে মঙলদৈত এক সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বুধবাৰে চৰকাৰৰ সৈতে হ’বলগীয়া আলোচনাত অংশ নলয় জানিবলৈ দিয়ে।

তদুপৰি চৰকাৰে কোচ ৰাজবংশী সকলকৰ মতামতক গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত কোঁচ ৰাজবংশী সন্মিলনীয়ে বিজেপিক বৰ্জন কৰিব বুলি কয়।

সংবাদমেল সম্বোধন কৰি কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনৱ নাৰায়ণ কোঁৱৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া আলোচনাৰ বাবে চৰকাৰৰ পৰা কোনো ধৰণৰ আমন্ত্ৰণী পত্ৰ লাভ কৰা নাই বুলি উল্লেখ কৰি কেবল মাত্ৰ ফোনৰে আমন্ত্ৰণ জনোৱা কাৰ্যত আশ্চৰ্য্য প্ৰকাশ কৰাৰ লগতে আলোচনাত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

কোচ ৰাজবংশী সকলক চৰকাৰে ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰি কোঁৱৰে লগতে কয় যে কেবল কা আন্দোলন প্ৰশমন কৰাৰ উদ্দেশ্যেহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন ৰাজ্যসভাত আনিছিল।

গতিকে অনাগত দিনত কোচ ৰাজবংশী সকলৰ মতামতক চৰকাৰে যদি গুৰুত্ব প্ৰদান নকৰে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে কোঁচ ৰাজবংশী সন্মিলনীয়ে।

লগতে পঢ়ক – ৰাজ্যত গৃহীত হ’ল ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply