ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিগত দুদিন ধৰি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত শুনানি অনুষ্ঠিত কৰাৰ পিচত সংবাদমেলযোগে এই কথা সদৰী কৰি মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমান অসমত লোকসভা সমষ্টিৰ সংখ্যা হ’ল ১৪ টা আৰু বিধানসভা সমষ্টিৰ সংখ্যা হ’ল ১২৬ টা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচতো সমষ্টিৰ সংখ্যা একেই থাকিব। মাথোঁ সাংবিধানিক নীতি আৰু আইন অনুসৰি সলনি হ’ব চাৰিসীমাহে।
আনহাতে বিৰোধী দলে আপত্তি কৰিলেও ২০০১ চনৰ লোকপিয়লৰ আধাৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলিও প্ৰকাশ কৰে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে। কালি ৯ টা স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দল আৰু ৬০ টাৰো অধিক অৰাজনৈতিক সংগঠনৰ পৰা শুনানি গ্ৰহণ কৰা বুলি সদৰী কৰি ৰাজীৱ কুমাৰে কয়— ৰাজনৈতিক দলসমূহৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক প্রতিনিধিত্ব কৰা সংগঠনে শুনানিত অংশ লৈছে। সকলোৱে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। আমি সকলো পৰামৰ্শ অতি গুৰুত্বসহকাৰে লৈছো।
আনহাতে, ২০০১ চনৰ লোকপিয়লৰ আধাৰত কিয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে, তাক লৈ শুনানিত প্রশ্ন উত্থাপন কৰা হৈছে। সমষ্টিৰ সংখ্যা কিয় বৃদ্ধি কৰা নহয় বুলি একাংশই প্রশ্ন কৰিছে। তদুপৰি, ২০০৮ চনত বন্ধ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এতিয়া হঠাতে কিয় আৰম্ভ কৰা হ’ল– 2026 চনত সমগ্ৰ দেশত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ, গতিকে সেই সময়ত অসমত কিয় একেলগে কৰা নহয়, ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত ইয়াৰ কি প্ৰভাৱ পৰিব, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা পূৰ্বৰে পৰা প্ৰস্তুত হৈ আছে নেকি আদি প্রশ্ন উত্থাপিত হৈছে শুনানিকালত ।
এতিয়া আমি ক’ব বিচাৰিছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ আইন, ২০০২ মতে অসমত ইয়াৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূর্বে বন্ধ হৈ গ’ল। কিন্তু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাধা আঁতৰিছে। গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পৰা অৱস্থাৰ সৃষ্টি হৈছে।
আনহাতে, জনপ্রতিনিধি আইনৰ ৮ (ক) ধাৰাত কোৱা হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া দেশৰ নিৰ্বাচন আয়োগে সম্পন্ন কৰিব পাৰে। ইয়াৰ বাবে সুকীয়া আয়োগ গঠন কৰাৰ প্ৰয়োজন নাই। সেয়ে নির্বাচন আয়োগৰ দ্বাৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
আনহাতে ২০০১ ৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱাৰ কাৰণ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কয় — ‘সংবিধানৰ ১৭০ (৩) ধাৰাত কোৱা হৈছে যে প্ৰতিটো লোকপিয়লৰ পিচতে বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণ কৰিব লাগে। অসমত ইয়াৰ পূৰ্বে ১৯৭১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। অর্থাৎ সম্প্ৰতি ১৯৭১ ৰ লোকপিয়লৰ ভিত্তিতে অসমৰ সমষ্টিসমূহৰ চাৰিসীমা নিৰ্ধাৰিত হৈ আছে।
এতিয়া সংবিধান আৰু আইনী প্ৰক্ৰিয়া অনুসৰিয়ে ২০০১ ৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে। ইয়াৰ দ্বাৰা সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়, সীমাহে সলনি হ’ব। আনহাতে অনুসূচিত জাতি-জনজাতিৰ সংৰক্ষণৰ বিষয়টো জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। সমষ্টিসমূহৰ ভৌগোলিক পৰিসীমা, বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ, প্রশাসনীয় দিশ, যোগাযোগ ব্যৱস্থা আদি সকলো দিশ বিবেচনা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব। বিটিআৰ তথা স্বায়ত্তশাসিত অঞ্চলসমূহত সংবিধানৰ ৩৩০ আৰু ৩৩২ ধাৰামতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
‘ মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কয় যে এতিয়া আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে খচৰা প্ৰস্তুত কৰিব। তেওঁ কয়— ‘খচৰা প্ৰকাশৰ পিচত বিভিন্নজনৰ পৰা ওজৰ-আপত্তি তথা পৰামৰ্শ গ্ৰহণৰ বাবে এমাহ সময় দিয়া হ’ব। তাৰ পিচত আমি পুনৰ শুনানি গ্রহণৰ বাবে অসমলৈ আহিম। এনে প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিচতহে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ প্ৰদান কৰা হ’ব।
‘ এন আৰ চিৰ বিষয়টো সুকীয়া বুলি উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়— ‘সাংবিধানিকভাৱে এন আৰ চি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় দুটা সম্পূর্ণ পৃথক। সংবিধানে দিয়া ক্ষমতা তথা সুবিধাৰ আধাৰতহে নির্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।’ অহা ১৫ এপ্ৰিললৈ বিভিন্ন দল-সংগঠনে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ই-মেইলযোগে মতামত জনাব পাৰিব বুলিও সদৰী কৰে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে।
ইফালে, বিজেপিৰ শ্ৰুতলিপিমতে নির্বাচন আয়োগে কাম কৰা বুলি বিৰোধী দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজীৱ কুমাৰে কয়— ‘এনে অভিযোগ উঠাটো স্বাভাৱিক। কিন্তু আমাক কোনেও হুকুম দিব নোৱাৰে। আমি কাৰো শ্ৰুতলিপিমতে কাম কৰা নাই। এয়া সম্পূর্ণ মিছা কথা। বিভিন্ন মাধ্যমত প্ৰচাৰিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকো নস্যাৎ কৰে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে।
উল্লেখযোগ্য যে কালি ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনসমূহৰ সৈতে বাৰ্তালাপ কৰাৰ পিচত নিৰ্বাচন আয়োগৰ দলে আজি ৰাজ্যৰ মুখ্য সচিব আৰু বিভিন্ন জিলাৰ উপায়ুক্ত তথা নির্বাচনী বিষয়াকে ধৰি ৰাজ্য প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তাৰ পিচতে সংবাদমেল সম্বোধন কৰি অসমৰ পৰা উভতি যায় নিৰ্বাচন আয়োগৰ দলটো।