নিউজ ডেস্ক : দেওবাৰে ৰাজ্যত ২,৩৮৫ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ ৩০ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ১০.০১ শতাংশ।
শনিবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৬.৩৯ শতাংশ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৩ গৰাকী।
কালি ৰাজ্যত ২৩,৮১৮ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
উল্লেখযোগ্য যে শনিবাৰ পৰ্য্যন্ত অসমত ১,৩৬০ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ৩০ গৰাকী ব্যক্তিৰ ১২ গৰাকী কামৰূপ মহানগৰৰ, ৪ গৰাকী বৰপেটাৰ, ৩ গৰাকী ওদালগুৰিৰ, ২ গৰাকীকৈ ডিব্ৰুগড়, বঙাইগাঁও, শোণিতপুৰ জিলাৰ আৰু ১ গৰাকীকৈ হোজাই, যোৰহাট, কামৰূপ গ্ৰাম্য আৰু তিনিচুকীয়া জিলাৰ।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,০৯৯ গৰাকী, তিনিচুকীয়াত ১৮১ গৰাকী, ডিব্ৰুগড়ত ১৪৮ গৰাকী আৰু নগাঁৱত ৯০ গৰাকী ব্যক্তিৰ ক’ভিড ধৰা পৰে।
বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ৪,৫৫১ গৰাকী।