মাৰ্ঘেৰিটা, মানস প্ৰতিম গগৈ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত অচিণাক্ত লোকে এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

আঘাতপ্ৰাপ্ত মহিলা গৰাকীক পিছত মুৰ্মূষু অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কোনো লোকে নিশাৰ ভাগত মহিলাগৰাকীৰ ওপৰত অসৎকাৰ্য সংঘটিত কৰি পিছত মুখ ঢকাৰ ভয়ত তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে।

পুৱা অঞ্চলটোৰ একাংশ লোকে মুৰ্মূষু অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে মহিলাগৰাকী সংকটজনক অৱস্থাত থকাৰ বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে।

লগতে পঢ়ক – নগাঁৱত মাক-দেউতাকৰ মাজত শুই থকা কণমানিক অপহৰণৰ চেষ্টা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply