সোণাৰি: বিগত সময়ছোৱাত আলফা স্বাধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীৰ যোগদানৰ প্ৰৱণতা বৃদ্ধি পাব ধৰিছে। স্বামী-সন্তান এৰি আলফা স্বাধীনত যোগদান কৰিবলৈ আহি আজি সোণাৰিত আটক হ’ল এগৰাকী মহিলা।
জানিব পৰা মতে অসম-নগালেণ্ড সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীয়ে আটক কৰিলে মহিলাগৰাকীক।
আটকাধীন মহিলা গৰাকী নগাঁও জিলাৰ মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগম বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে নগাঁও আৰক্ষীৰ পোৱা তথ্য অনুসৰি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগমক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে আলফা স্বাধীনৰ সদস্য অভিজিৎ অসমৰ নেতৃত্বত নিষিদ্ধ ঘোষিত সংগঠনটোত অব্যাহত আছে সদস্য ভৰ্তি অভিযান।
লগতে পঢ়ক – পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত ব্লকচেইন মুকলি সংকল্পতৰু ফাউণ্ডেচনৰ