নিউজ ডেস্ক : হোজাই বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী ৪৫ বছৰীয়া মহিলাই মৃত্যু সাবটিবলগীয়া হয়, শুকুৰবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিহত মহিলা গৰাকীক হাজোৰ কাকি আৰক্ষী থানাৰ অন্তৰ্গত ঢেৰাপথাৰ গাঁৱৰ চিনু দেবনাথ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, বৃহস্পতিবাৰে চিনু দেবনাথে ঘৰুৱা কাম কৰি থকাৰ অৱস্থাত এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যু হয়।

মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

লগতে পঢ়ক : বিশ্ব ক্ষুধা সূচ্যাংকত : বাংলাদেশ, পাকিস্তান, নেপালতকৈ তলত ভাৰতৰ স্থান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply