নিউজ ডেস্ক: ১০ বছৰীয়া সন্তানসহ অসমৰ এগৰাকী মহিলাই পাকিস্তানৰ এখন কাৰাগাৰত বন্দীৰ জীৱন পাৰ কৰি আছে। জানিব পৰা মতে নগাঁৱৰ ৱাহিদা বেগম নামৰ মহিলা গৰাকী ২০২২ চনৰ ১ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।

সংবাদ মাধ্য়মত প্ৰকাশিত খবৰ অনুসৰি ৱাহিদা বেগমে স্বামীৰ মৃত্য়ুৰ পিছত স্বামীৰ নামত থকা সা-সম্পত্তি বিক্ৰী কৰি চেলিম খান নামৰ এজন কাবুলীৱালাৰ লগত পলাই গৈছিল। কিন্তু আফগানিস্তান অভিমুখে যোৱাৰ পথত বিনা নথি-পত্ৰৰে পাকিস্তানত প্ৰৱেশ কৰাৰ অপৰাধত দেশখনৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। 

পাকিস্তানত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ থকা অসমৰ মহিলাগৰাকীৰ খবৰে এতিয়া অসমৰ লগতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰটো পোহৰলৈ অহাৰ পিছতে ৱাহিদা বেগমৰ মাতৃয়ে দিল্লীৰ উচ্চ ন্যায়লয়ৰ কাষ চাপে। আজি দিল্লী উচ্চ ন্যায়লয়ত হ’ব শুনানী অনুষ্ঠিত হৈ যায়।

লগতে পঢ়ক – মধ্যপ্ৰদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা; পাইলট নিহত 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply