তামুলপুৰ : তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। প্ৰেমৰ চলনাৰে শিশুসহ মহিলাক অপহৰণ কৰা দুস্কৃতিকাৰী আটক। বিহাৰৰ পৰা উদ্ধাৰ অপহৃত মহিলা আৰু ৯ বছৰীয়া কন্যা সন্তান। বাক্সা জিলাৰ তামুলপুৰৰ পৰা অপহৰণ কৰি ভুৱা প্ৰেমিক কন্যা সন্তানসহ বিহাৰ বিক্ৰী কৰিছিল মহিলা গৰাকীক।
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী সৰবৰাহৰ ঘটনা। প্ৰথমতে মোবাইলত মিছ কল। তাৰ পিছত প্ৰেম। ধুবুৰীৰ হাফিজুল ইছলামে প্ৰেমৰ চলনাৰে বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰামেচুবুৰী গাঁৱৰ পৰা অপহৰণ কৰি নিছিল মাতৃ-কন্যাক।অপহৰণ কৰি নি মাতৃ-কন্যাক বিক্ৰী কৰিছিল বিহাৰত।
যোৱা ২৬ এপ্ৰিলত ৯ বছৰীয়া কন্যা সন্তানসহ অপহৃত হৈছিল মহিলা গৰাকী। পত্নী আৰু কন্যা সন্তান সন্ধানহীন হোৱাৰ পিছত ৫ মে’ত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মহিলা গৰাকীৰ স্বামীয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে অপহৃত মহিলা আৰু ৯ বছৰীয়া কন্যা সন্তানক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
মহিলা গৰাকীৰ স্বামীয়ে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰি সামাজিক মাধ্যমত এটি ভিডিঅ’ আপলোড কৰিছিল। ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। অৱশেষত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ তৎপৰতাত আৰু তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপন গগৈৰ সহযোগত তামুলপুৰ আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে ধুবুৰীৰ এক দুৰ্গম এলেকাৰ পৰা আটক কৰে অপহৰণকাৰী জেহিৰুল ইছলামক।
লগতে পঢ়ক : পুনৰ ৰঙিয়া আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
পিছত জেহিৰুল ইছলামক লগত লৈ আৰক্ষীৰ দলটো উপস্থিত হয় বিহাৰত। আটাকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিহাৰ আৰক্ষীৰ সহযোগত বিহাৰৰ কৃষ্ণনগঞ্জ জিলাৰ বাহাদুৰগঞ্জ থানাৰ অধীনৰ প্ৰেমনগৰৰ পৰা শনিবাৰে পুৱতি নিশা অপহৃত মহিলা গৰাকী আৰু ৯ বছৰীয়া কন্যা সন্তানক তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।