মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ মৰ্গৰ পৰা এগৰাকী মহিলাৰ মৃতদেহৰ পৰা এটা চকু উলিয়াই নিবলৈ চেষ্টা কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিং চাহ বাগিছাৰ এগৰাকী মহিলাই মঙলবাৰে আত্মহত্যা কৰিছিল। নিশা মৃতদেহটো মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গতে ৰখা হয়। কিন্তু আজি পুৱা পৰিয়ালৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিব বিচৰাত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক ৷
মৃতদেহটোৰ এটা চকুত আঘাতৰ চিহ্ন। ফলত পৰিয়ালৰ লোকে মৃতদেহ চমজি লবলৈ অমান্তি হয়৷ ইয়াৰ পাছতেই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
পৰিয়ালৰ লোকৰ অভিযোগ যে কোনো মানৱ দেহৰ সৰবৰাহকাৰীয় মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা চলাইছিল। চিকিৎসালয়ৰ চিকিৎসকসকলে ঘটনাৰ সন্দৰ্ভত জ্ঞাত নহয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত আছে।
আনহাতে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰোণত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে।
ইপিনে এক সূত্ৰই জনোৱা মতে মৃতদেহটোৰ চকুত এন্দুৰ-নিগনীয়ে কামুৰি দিয়াৰ ফলত এনে ঘটনা সংঘটিত হ’ল। অৱশ্য প্ৰকৃত ঘটনা আৰক্ষীৰ তদন্ত তথা মৰোণত্তৰ পৰিক্ষাৰ অন্তত জানিব পৰা যাব।
লগতে পঢ়ক – অসম মিলেট অভিযানৰ শুভৰাম্ভ কৰিলে মুখ্য মন্ত্ৰীয়ে