লখিমপুৰ, পল্লব মিলি: চৰকাৰী ধনেৰে নহয়, লখিমপুৰ জিলাৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ বালিজান গাঁৱৰ মহিলাসকলে নিজে শ্ৰমদান কৰি নিৰ্মান কৰি তুলিছে এখন বাঁহৰ দলং।

বালিজান-বাসুদেৱ থান সংযোগী পথৰ বলাহীজানৰ ওপৰত দলং নথকাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছিল বালিজান গাঁৱৰ ৰাইজে। বাৰিষা অথবা খৰালি পানীত নামি গাঁওবাসীয়ে কৰিব লাগে যাত্ৰা।

অঞ্লটোৰ ৰাইজে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি নৱ কুমাৰ দলেক বহু আৱেদন নিবেদন কৰিও ফল নধৰিল বুলি অভিযোগ কৰে।

অৱশেষত উপায়হীন হৈ গাঁৱৰ  মহিলাসকলে কোলাত কেঁচুৱা, হাতে হাতে দা, বাঁহ লৈ গাঠিৰ ধন ভাঙি পুৰুষৰ সহযোগত শ্ৰমদান কৰি নিৰ্মান কৰিলে এখন বাঁহৰ দলং ।

অৱশ্যে কেৱল এইবাৰেই নহয়, প্ৰতিবছৰে ৰাইজে বাৰিষা কালত নিৰ্মান কৰিব লাগে এইখন বাঁহৰ দলং।ইমানৰ পিছতো ৰাইজৰ সমস্যাৰ প্ৰতি চৰকাৰ তথা জনপ্ৰতিনিনিধিৰ চকুপৰিবনে? সুচল হ’বনে জনতাৰ যাতায়ত ব্যৱস্থা?

লগতে পঢ়ক – টীয়কৰ ৰাজৈ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰনোজ পেগুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply