নিউজ ডেস্কঃ অসম আৰক্ষীৰ বাবে গৌৰৱৰ দিন। গুৱাহাটী পানবজাৰ স্থিত সমূহ মহিলা আৰক্ষী থানাই (All Women Police Station) কঢ়িয়াই আনিছে সন্মানৰ এক স্থান।
Bureau of Police Research & Development ৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে AWPS য়ে।
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু গৃহ সহিবৰ দ্বাৰা স্বাক্ষৰিত মানপত্ৰ প্ৰদান কৰা হয়। মানপত্ৰ প্ৰদান কৰাৰ সময়ত আৰক্ষী মুখ্যালয় আৰু গুৱাহাটী মহানগৰৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।
অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে AWPS ৰ OC (ভাৰপ্ৰাপ্ত বিষয়া) ক মানপত্ৰ অৰ্পন কৰে।
লগতে পঢ়ক – নতুন দিল্লীত অসম সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰাৰ ঘোষণা