নিউজ ডেস্ক: গুৱাহাটীস্থিত সামাজিক উদ্যোগ আৰু নাগৰিক সমাজৰ সংগঠন, GAMOF (Green and Active Mobility Forum)-এ অহা ৩০ অক্টোবৰত গুৱাহটীৰ সুন্দৰপুৰস্থিত Vinyl Café-ত Let’s Get Involved শীৰ্ষক এক ইন্টাৰেক্টিভ আৰু আকৰ্ষণীয় কৰ্মশালাৰ আয়োজন কৰিব। উক্ত কৰ্মশালাত চহৰখনৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাধানৰ বাট বিচৰা হ’ব।
২০৩০ চনৰ ভিতৰত গুৱাহাটীক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰিবলৈ লোৱা Let’s Get Involved কৰ্মশালাৰ ১ম সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ সংগঠনটোৱে গুৱাহাটীৰ আগ্ৰহী, সচতেন আৰু সক্ৰিয় নাগৰিকসকলক আহ্বান জনাইছে।
কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই (https://forms.gle/ma6aUZa1jpNhU9fz7) লিংকত পঞ্জীয়ন কৰক। এক বিজ্ঞপ্তি যোগে সংগঠনটোৱে জনৱো মাত্ৰ কৰ্মশালাৰ বাবে ৩০ আসনৰ ব্যৱস্থা আছে। ১৬ বছৰৰ ঊৰ্ধ্বৰ যিকোনো লোকে ৩৯৯ টকা ভৰ্তি মাচুল দি কৰ্মশালাৰ বাবে পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে ২২ অক্টোবৰৰ পূৰ্বে পঞ্জীয়ন কৰা সকলে ২৯৯ টকা ভৰ্তি মাচুল প্ৰদান কৰি পঞ্জীয়ন কৰিব পাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। উক্ত মাচুল ৰিফ্ৰেছমেণ্ট, অংশগ্ৰহণকাৰী কিট আৰু এক্টিভিটি মেটেৰিয়েলৰ বাবে গ্ৰহণ কৰা হ’ব।
এই সম্পৰ্কীয় অধিক বিৱৰণ GAMOF-Green and Active Mobility Forum-ৰ ৱেবছাইট বা ছ’চিয়েল মিডিয়া পেজত পোৱা যাব।
সংস্থাটোৱে নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি যথাসময়ত এনে একাধিক কৰ্মশালাৰ আয়োজন কৰাৰ মনস্থ কৰিছে। প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা বিশ্ব নগৰ দিৱসৰ লগত সংগতি ৰাখি অহা ৩০ অক্টোবৰত কৰ্মশালাৰ ১ম সংস্কৰণ আয়োজন কৰা হৈছে।
লগতে পঢ়ক – উত্তৰ-পূব সীমান্ত ৰে’লৱে শনিবাৰে অনুষ্ঠিত কৰিব ‘ৰোজগাৰ মেলা’