বোকাখাত, উত্তম কুমাৰ শৰ্মা: আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বোকাখাতৰ ৰজাবাৰীত অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল তথা ইয়ং বিগ্ৰেডৰ উদ্যোগত বিনামূলীয়া গছ পুলি বিতৰণ আৰু বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰা হয়।
বোকাখাতৰ ৰজাবাৰী নাট্যগোষ্ঠীৰ লগতে কুৰুৱাবাহী মণ্ডল কংগ্ৰেছ, কুৰুৱাবাহী মহিলা মণ্ডল কংগ্ৰেছ আৰু স্হানীয় ৰাইজৰ সহযোগত ৰজাবাৰী- খতিয়াখলি সংযোগী এক কিলোমিটাৰৰো অধিক পথছোৱাত কৃষ্ণচূড়া আৰু সোণাৰু গছৰ পুলিৰে সজাই তোলে কংগ্ৰেছ সেৱা দলৰ কৰ্মকৰ্তা সকলে।
বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত থাকে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে ইয়ং বিগ্ৰেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া তথা বোকাখাত ব্লক কংগ্ৰেছ কমিতিৰ সভাপতি ধৰ্মেশ্বৰ কূৰ্মী, উপ সভাপতি বিপুল দাস, সম্পাদক সীমান্ত শইকীয়া, ৰাজু দাস, টাউন ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি লক্ষীপ্ৰসাদ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং বিগ্ৰেদৰ সাধাৰণ সম্পাদক জাফৰ আলি বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পৰাগ শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা মিনতি দলে, বোকাখাত যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন শইকীয়াৰ লগতে দলটোৰ অন্যান্য কৰ্মকৰ্তা তথা অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক আৰু স্থানীয় ৰাইজ।
উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং বিগ্ৰেডৰ কাৰ্য্যকৰী সভাপতি জিতু শইকীয়াৰ বিশেষ উদ্যোগত আৰু বোকাখাত ইয়ং বিগ্ৰেডৰ সহযোগত দিন যোৰা কাৰ্য্যসুচীৰে বিশ্বপৰিৱেশ দিৱস পালন কৰি নতুন কৈ ৰোপণ কৰা উক্ত গছপুলি সমুহ প্ৰতিপালন আৰু সুৰক্ষাৰ বাবে সহযোগিতা কৰিবলৈ স্হানীয় ৰাইজক আহ্বান জনায় কাৰ্যকৰী সভাপতি জিতু শইকীয়াই ।
ইফালে স্বেচ্ছাসেৱী সংগঠন “বোকাখাত গণমঞ্চ”ৰ উদ্যোগতো দিনজোৰা কায্যসূচীৰে বোকাখাতত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সংগঠনটোৱে বোকাখাত নগৰৰ মাজ-মজিয়াত তিনি হাজাৰৰো অধিক মুল্যৱান গছ পুলি ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বোকাখাতৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।
লগতে পঢ়ক – দেওবাৰৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজযাত্ৰা