ধেমাজি, অংকুৰ নৰহ: লোকসেৱা আয়োগৰ দৰে পৰীক্ষাত অসমীয়া ভাষা নিশেষ কৰাটো এক আত্মঘাতী প্ৰক্ৰিয়া আৰু দুৰ্ভাগ্যৰ বিষয়, এই মন্তব্য বিশিষ্ট লেখক ইছমাইল হোছেইনৰ।
ধেমাজিত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাৰ অনুষ্ঠানত উপস্থিত থাকি ইছমাইল হোছেইনে এই মন্তব্য কৰে।
সাংবাদিকৰ আগত চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া জাতীয় জীৱনৰ লগতে প্ৰশাসনৰ উন্নয়নৰ ক্ষেত্ৰতো বাৰুকৈ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি তেওঁ কয়, ‘’অসমীয়া ভাষাৰ ভৱিষ্যত আৰু ঐতিহ্যৰ প্ৰতি ই এক চৰম আঘাত সানিব।‘’
‘’অসমীয়া ভাষাৰ অবিহনে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা বিষয়া সকলে যেতিয়া ভাষা কব নাজানিব বা লিখিব নাজানি বা বৰ্ণ সমূহ চিনি নোপোৱাকৈ এজন প্ৰশাসনিক বিষয়া হিচাপে নিৰ্বাচিত হ’ব,‘’ তেওঁ লগতে কয়।
আজি গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে অংশগ্ৰহণ কৰি হোছেইনে গ্ৰন্থৰ লেখক তথা পঢ়োৱৈ সমাজ আৰু ক্ৰেতা-বিক্ৰেতাৰ সমন্বয় কথা উল্লেখ কৰে।
উল্লেখযোগ্য যে আজি তৃতীয় দিনাও অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ বাকৰিত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে।
লগতে পঢ়ক – তাৰকা ফুটবলাৰ জেৰাৰ্ড পিকৰ অৱসৰ গ্ৰহণ