নিউজ ডেস্ক: অসমৰ নাট্য সংস্কৃতিৰ মুল ভেটি যাত্ৰাদল হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মুল কঠীয়াতলি । আদি পূৰ্বৰ পৰাই অসমীয়া নাট্য সংস্কৃতিৰ বৰপেৰা টনকীয়াল কৰি অহা যাত্ৰাদলক নতুন মাত্ৰা প্ৰদান কৰি ১৯৩০ চনত নটসৈনিক তথা অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই নকৈ প্ৰতিস্থা কৰা যাত্ৰাদলে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতখনক দ্ৰুতগতিত আগুৱাই লৈ গল ।
ব্ৰজনাথ শৰ্মাৰ বাবেই ভ্ৰাম্যমাণ নাট্য সংস্কৃতিৰ মুল বাহক যাত্ৰাদলে এক সুকীয়া প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হল । কালক্ৰমত অসমৰ এই যাত্ৰা দল সমূহ একো একোটা ক্ষুদ্ৰ উদ্যোগত পৰিণত হল । অসমৰ বহু নাট বলীয়া লোকৰ উৎসাহ আৰু সেৱাৰ মনোবৃত্তিৰে কাম কৰি থকা যাত্ৰাদলৰ প্ৰযোজক সকলৰ বাবেই বহু অভিনেতা অভিনেত্ৰীৰ সৃষ্টি হোৱাৰ লগতে বহু নাট্যকাৰৰ জন্ম হৈছে ।
বিশেষকৈ নামনি অসমত যাত্ৰাদলে নাটকক অনন্য মাত্ৰা প্ৰদান কৰি সমাজত এক বিশেষ বাৰ্তা বহন কৰি আছে । প্ৰযোজক সকলৰ একাণপতীয়া প্ৰচেষ্টাৰ মাজেৰে চলি থকা একোটা যাত্ৰাদলত অতি কমেও ত্ৰিশ গৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলী জড়িত হৈ থাকে । যাত্ৰাদল ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰেই একেই যদিও ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত কিছু কিছু পাৰ্থক্য আছে ।
ভ্ৰাম্যমাণ যাত্ৰাদলৰ নাট পৰিবেশনৰ শৈলী ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত একেই যদিও ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে ভ্ৰাম্যমাণ নাট্যদল এই যাত্ৰাদল সমূহৰ নাই নিজা প্ৰেক্ষাগৃহ । কেবল মঞ্চ সজ্জাৰ সামগ্ৰী, পোহৰ সজ্জাৰ সামগ্ৰী আৰু নাটকে দাবী কৰা চেটিংচ লৈ এদল নাট্য যোদ্ধাই মননশীল নাট পৰিবেশন কৰি ঘুৰি ফুৰে । বিশেষকৈ নামনি অসমৰ পূজা, সভা বা জন্মজয়ন্তী আদিৰ এক এৰাব নোৱাৰা অঙ্গ হৈ পৰা যাত্ৰাদল সমূহৰ নাট অবিহনে যেন অপূৰ্ণ হৈ ৰয় পূজা সভা বা জন্ম জয়ন্তী । আৰু এই যাত্ৰাদলৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়ে যাত্ৰাদলৰ প্ৰযোজক অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলী সকলে ।
লগতে পঢ়ক-ডিফুত দৰিদ্ৰ উদীয়মান এথলীটলৈ সাহাৰ্য্য বিতৰণ
সম্প্ৰতি অসমত সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ অধীনত ৪৫ টা যাত্ৰাদল থকাৰ লগতে তিনিটা নতুনকৈ গঠন হোৱা দল আছে । আৰু দল সমূহৰ লগত প্ৰত্যক্ষ ভাবে প্ৰায় পোন্ধৰ শ অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলী জড়িত হৈ থকাৰ উপৰিও পৰোক্ষ ভাবেও প্ৰায় এশ গৰাকী লোক জড়িত হৈ আছে ।
গোটেই পৃথিৱীতে এক বিৰূপ প্ৰভাব পেলোৱা কৰোনাকালীন পৰিস্থিতিৰ বাবে বিগত প্ৰায় দুটা বছৰ স্তব্ধ হৈ আছে নাট্য সংস্কৃতিৰ মুল ভেটি অসমৰ যাত্ৰাদল সমূহ । এক বুজাব নোৱাৰা ক্ষতিৰ সন্মূখীন হল যাত্ৰাদলৰ প্ৰযোজক সকল। কিন্ত অসমৰ নাট্য সংস্কৃতিৰ গুৰি বঠা ধৰা এই যাত্ৰাদলৰ প্ৰযোজক সকলে ৰজাঘৰীয়াৰ পৰা উপেক্ষিত হৈয়েই থাকিল ।
এইবেলি পৰিবেশ কিছু উন্নতি হোৱাত আৰু ভ্ৰাম্যমাণ নাট্যদল সমূহক আখৰা কৰিবলৈ চৰকাৰে কভিড বিধিৰ মাজতেই অনুমতি দিয়াত অসমৰ এই ৪৫ টা নাট্যদলে আখৰা আৰম্ভ কৰাৰ লগতে নতুন উদ্যমেৰে ধন বিত খৰছ কৰি চেটিংচ লাইট শব্দ যন্ত্ৰ সকলো ঠিক কৰি লয় । নাট পৰিবেশন কৰাৰ বাবে দূৰ্গাপূজাৰ আহ্বায়ক সমিতিৰ লগতো চুক্তি বদ্ধ হৈ ইতিমধ্যেই বহু কেইটা নাট্যদলে নাট পৰিবেশন কৰিবলৈ ককালত টঙালি বান্ধি সাঁজু হৈছিল ।
কিন্ত যাত্ৰাদল প্ৰযোজক সকলৰ আশাত চেঁচাপানী ঢালি অসম চৰকাৰে নতুন এছ অ পি ঘোষণা কৰি পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল ঘোষণা কৰিলে । এতিয়া পুনৰ আন এক বিপৰ্য্যয়ৰ সম্মুখীন হব লগীয়া হল অসমৰ এই যাত্ৰাদল সমূহে। চৰকাৰে ঘোষণা কৰা নতুন এছ অ পিৰ পিছত বহু কেইখন আহ্বায়ক সমিতিয়ে চুক্তি বাতিল কৰিছে । নাটক কৰিব নোৱাৰিলে আমাৰ প্ৰযোজক শিল্পী কলা কুশলী সকলে নাখাই মৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক-APDCLৰ পৰীক্ষা কেলেংকাৰী গ্ৰেপ্তাৰ সকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ
উল্লেখ্য যে যাত্ৰাদলে কভিড প্ৰটকল মানিও কৰিব পাৰে নাটক । কাৰণ, এখন মঞ্চত নাট পৰিবেশন কৰাৰ সময়ত একেটা দলৰে পাঁচ বা ছয় জন শিল্পীহে মঞ্চত থাকে । আৰু মঞ্চৰ সম্মুখত খোলা ঠাইত থাকে দৰ্শক । আৰু যাত্ৰাদলৰ দৰ্শকৰ সংখ্যা নিচেই তাকৰ । দুশৰ পৰা আঢ়ৈশ দৰ্শকে সীমাবদ্ধ থাকে । গতিকে কভিড প্ৰটকল সুন্দৰকৈ মানিব পৰা যায় ।
এই বিষয়ে বিচাৰ কৰিবলৈ সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাই অসম চৰকাৰলৈ আহ্বান জনায় ।
অসমৰ সাতামপুৰুষীয়া নাট্য সংস্কৃতিৰ মুল আধাৰ অভিনেতা অভিনেত্ৰী, শিল্পী কলা কুশলীক দুৰ্যোগৰ প্ৰতি লক্ষ্য কৰি যাত্ৰাদলৰ অভিনেতা অভিনেত্ৰীৰ লগতে শিল্পী কলা কুশলীক এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে ।
লগতে সন্থাই উল্লেখ কৰিছে যাত্ৰাদলৰ প্ৰযোজক আৰু শিল্পী কলা কুশলী চৰকাৰী স্বীকৃতিৰ পৰা সততে বঞ্চিত হৈ আহিছে । সেই হেতুকে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক এই যাত্ৰাদলৰ অভিনেতা অভিনেত্ৰীৰ লগতে শিল্পী কলা কুশলীক শিল্পী পেন্সন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক-গোলাঘাট জিলা প্ৰশাসনৰ পুজা আয়োজনৰ ক্ষেত্ৰত নিৰ্দেশনা