ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ কৰা বাঘজানৰ ৰাইজ আৰু অসম আৰক্ষীৰ মাজত যোৱা শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ তিনিচুকীয়া জিলা প্ৰশাসনে বাঘজান অঞ্চলত ১৪৪ ধাৰা বলৱৎ কৰি এদিনৰ বাবে অঞ্চলটোত কোনো ধৰণৰ জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰে।
শনিবাৰে পুৱা বিস্ফোৰণ সংঘটিত, বৰ্তমানে বন্ধ হৈ থকা তৈল খাদৰ পৰা অইলে ইয়াৰ বাহন তথা সা-সৰঞ্জাম উলিয়াই নিবলৈ আহোতে প্ৰায় অৰ্ধ শতাধিক গাঁওবাসীয়ে বাধা আৰোপ কৰাৰ পিছতে দুয়োপক্ষৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত আৰক্ষীকে ধৰি কেইবাগৰাকী সাধাৰণ লোক আহত হয়।
ঘটনা সম্পৰ্কত আৰক্ষীয়ে ২৬ গৰাকী লোকৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰে তিনিজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ সকলৰ ভিতৰত আছে বাঘজানৰ গাঁওবুঢ়া ৰজনী হাজৰিকাৰ পুত্ৰ মনোজ হাজৰিকা, প্ৰকাশ হাজৰিকা আৰু দীপ শইকীয়া।
আৰক্ষীৰ আক্ৰমণত কমেও ১৮ গৰাকী লোক আহত হয়।
উক্ত ঘটনাৰ পিছতে মৰাণ ছাত্ৰ সন্থাই অইল কৰ্তৃপক্ষক বাঘজান আৰু ডিব্ৰু ছৈখোৱাৰ দাঁতি-কাষৰীয়া অঞ্চলত অইলৰ সকলো ধৰণৰ কাৰ্য্য বন্ধ কৰিবলৈ দাবী জনায়।
বাঘজানৰ মিলনজ্যোতি সংঘৰ উপদেষ্টা হেমন্ত মৰাণে জনোৱা মতে আৰক্ষীৰ প্ৰহাৰত বহুকেইগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে।
‘গুৰুতৰভাৱে আহত তিনি গৰাকী ব্যক্তিক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আমাৰ বহু কেইগৰাকী লোকক ৰাবাৰ বুলেটেৰে আক্ৰমণ কৰা হয়,’ মৰাণে কয়।
মিলনজ্যোতি সংঘই অৱৰোধ কাৰ্য্যসূচীক সমৰ্থন জনোৱা নাছিল বুলি উল্লেখ কৰি মৰাণে কয়, ‘মানুহবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। আমি আমাৰ দাবীসমূহক লৈ জিলা প্ৰশাসনৰ সৈতে আলোচনা অব্যাহত ৰাখিছো। আমাৰ গাঁৱৰ ৬১২ গৰাকী ব্যক্তিয়ে পাব লগা ক্ষতিপূৰণ আৰু অইলে সা-সৰঞ্জাম ৰখা মাটিৰ গৰাকীক আদায় কৰিব লগীয়া ভাৰাৰ বিতং তথ্য বিচাৰিছো।’
গাঁৱৰ লোকসকলে জনোৱা মতে অইলে ইয়াৰ সা-সৰঞ্জাম ৰখাৰ বাবদ দিবলগীয়া ভাৰাৰ কেৱল আধাহে আদায় কৰিছে।
‘পাঁচ মাহ ধৰি তৈল খাদৰ জুই জ্বলি আছিল, ফলত আমাৰ বহু সম্পত্তিকে ধৰি কেইবা হেক্টৰ কৃষিভূমি নষ্ট হৈছিল। আমাৰ মানুহ বিলাকে তেওঁলোকক কি হিচাপত সাময়িক ক্ষতিপূৰণ দিয়া হৈছে তাৰ খতিয়ান বিচাৰিছে। জুনৰ ৪ তাৰিখত উপায়ুক্তৰ সৈতে আমাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল, উক্ত বৈঠকত তেওঁ ১০ দিনৰ ভিতৰত প্ৰশাসনে তৈয়াৰ কৰা হিচাপৰ বিতং তথ্য দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। এতিয়া জুলাই শেষ হ’ব হ’ল। মানুহ বিলাকে ইয়াৰ পৰিসমাপ্তি বিচাৰিছে,’ মৰাণে কয়।
অঞ্চলটোৰ আদিবাসী সম্প্ৰদায়ৰ নেতা ভাগিৰথ গোৱালাই শনিবাৰৰ প্ৰতিবাদত অংশ লোৱা নাছিল। তেওঁ জনোৱা মতে ক্ষতিপূৰণৰ পৰা বঞ্চিত প্ৰায় ৯০০ পৰিয়ালক পুনৰ মূল্যয়ন কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জিলা প্ৰশাসনে তেওঁক প্ৰতিশ্ৰুতি দিছিল।
ইয়াৰ আগতে এবাৰ অইলৰ বিৰুদ্ধে লোৱা এক অৱৰোধ কাৰ্য্যসূচীত অইল কৰ্তৃপক্ষই তেওঁলোকৰ অভাৱ-অভিযোগ শুনিবলৈ মান্তি হোৱাত তেওঁলোকে প্ৰতিবাদ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল বুলি গোলাৱাই জানিবলৈ দিয়ে। অইল কৰ্তৃপক্ষই বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা ৫ কিঃমিঃ পৰ্য্যন্ত অঞ্চল ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে ধৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল বুলিও গোৱালাই কয়।
লগতে পঢ়ক : ৰক্তাক্ত অসম-মিজোৰাম সীমান্ত সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
মাগুৰি মতাপুং বিলৰ আনটো মূৰত অৱস্থিত নতুন ৰঙাপৰা গাঁৱৰ প্ৰায় ৬০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। নতুন ৰঙাপৰা গাঁৱৰ বাসিন্দা, পৰিৱেশ কৰ্মী নিৰন্ত গোহাঁইয়ে কয় যে জৰীপ চলোৱাৰ পিছতো নতুন ৰঙাপৰা আৰু দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজক ক্ষতিপূৰণ লাভৰ বাবে চামিল হ’বলগীয়া তিনিটা শ্ৰেণীৰ অধীনত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই বিষয়ে মুখ্য মন্ত্ৰী পত্ৰ যোগে অৱগত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং ছমভজি পাৱাৰে জনোৱা মতে ৬১২ টা পৰিয়ালক ১০২ কোটি টকা দিয়া হৈছে। ইয়াৰে ঘৰ সম্পুৰ্ণৰূপে জুইত জাহ যোৱা ১২ টা পৰিয়ালক ২৫ লাখকৈ টকা দিয়া হয়। মানুহবিলাকক আশ্ৰয় শিবিৰত ৰখাৰ লগতে একাংশক ঘৰ ভাৰাৰ বাবদ ৩০,০০০-ৰ পৰা ১ লাখ টকা পৰ্য্যন্ত দিয়া হৈছিল বুলি তেওঁ জনায়। যথেষ্ট পৰিমাণে ক্ষতিপূৰণ আদায় কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যদি কোনোবা অসন্তুষ্ট হৈ আছে তেন্তে তেওঁলোকে উচ্চ ন্যায়ালয়লৈ যাব পাৰে।
উপায়ুক্ত গৰাকীয়ে জনোৱা মতে ডেৰ দুই মাহৰ ভিতৰত তিনিচুকীয়া জিলা প্ৰশাসনে যোৱা বছৰ কৰা এচেছমেণ্টৰ ডিজিটাইজেশ্যন সম্পুৰ্ণ হৈ উঠিব। গোটেই প্ৰক্ৰিয়াটো তেওঁ নিজেই তদাৰক কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।
অইল কৰ্তৃপক্ষৰ মতে ২৭৫৬ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ কৰাৰ পিছত তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ধাৰ্য্য কৰি দিয়া ক্ষতিপূৰণৰ ধন প্ৰতিষ্ঠানটোৱে ইতিমধ্যে আদায় কৰিছে।
ইংৰাজীত বিতং প্ৰতিবেদন পঢ়িবলৈ : Assam: Year after Baghjan blowout disaster, villagers’ woes far from over