মানকাচৰ : মেঘালয়ত পূজা চাবলৈ যোৱা অসমৰ দুই যুৱকৰ মৃত্যু। পূজা চাবলৈ গৈ মেঘালয়ৰ গাৰো পাহাৰত মটৰ চাইকেল দুৰ্ঘটনাত প্ৰাণ গ’ল মানকাচৰৰ দুই যুৱকৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অসম-মেঘালয় সীমান্তৰ টেপৰপাৰা গাঁৱৰ দুই যুৱকে মঙলবাৰে সন্ধিয়া এখন মটৰ চাইকেল লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰোবাধাত পূজাৰ আমোদ উপভোগ কৰিবলৈ যায়। ঘৰলৈ উভতাৰ পথত মটৰ চাইকেল দুৰ্ঘটনা হৈ দুয়ো যুৱক মৃত্যু মুখত পৰে।
লগতে পঢ়ক : অংকুৰণ প্ৰকাশনৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণি
যুৱক দুজনক টেপৰপাৰা গাঁৱৰ ছামাদ শেখৰ পুত্ৰ মুলুক চান্দ শেখ আৰু ৰিয়াজ উদ্দীনৰ পুত্ৰ আহিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি দুয়োৰে মৃতদেহ মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।