স্মৃতি প্ৰিয়া লাহন, টীয়ক : ‘কাকো বিশ্বাসত নল’ব, মই যেনেকৈ কান্দিছো নহ’লে আপুনিও কান্দিব লাগিব, গাখীৰ খোৱাই সাপ পুহিছিলো’ – এই ভাষ্য টীয়ক হাঁহচৰাৰ গৌৰি নাথ ভট্টচাৰ্য নামৰ এগৰাকী অসহায় ব্যক্তিৰ।
চাকৰি সূত্ৰে ঘৰৰ বাহিৰত থকা ভট্টাচাৰ্যই কেইবা বছক পূৰ্বে পৰিবাৰ মিনু দেবীৰ লগত সহায়ক হিচাপে থাকিবলৈ ফুলকুমলীয়া বয়সতে নুমলীগড়ৰ পৰা সুৰেশ তাঁতি নামৰ এটি ল’ৰাক মাক দেউতাকৰ অনুমতি সাপেক্ষে নিজৰ ঘৰলৈ লৈ আহি পঢ়াশুনা কৰোৱাৰ লগতে সকলো সা সুবিধা প্ৰদান কৰিছিল।
কিন্তু পাঁচ বছৰ পূৰ্বে মিনু দেবীৰ মৃত্যু হোৱাত সুৰেশক ভট্টাচাৰ্যই নুমলীগড়ৰ নিজৰ পিতৃগৃহত থৈ আহিছিল যদিও ল’ৰাটোৱে পিতৃ গৃহত নাথাকি পুনৰ হাঁহচৰালৈ ভট্টাচাৰ্যৰ লগত গুচি আহে।
চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত ভট্টাচাৰ্যই নিজৰ ঘৰৰ চৌহদতে পৰিবাৰৰ স্মৃতিত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত সুবিধা হোৱাকৈ মিনু দেবী মেমৰিয়েল নামৰ এখন কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰি সুৰেশক ঘৰ তথা মহাবিদ্যালয়ৰ সমস্ত দ্বায়িত্ব অৰ্পণ কৰে।
কিন্তু ভট্টাচাৰ্য ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি সুৰেশে যোৱা ২৫ অক্টোবৰত প্ৰায় আঠ লাখ টকাসহ বহু সোণৰ আ-অলংকাৰ আৰু এখন মটৰচাইকেল লৈ পলায়ন কৰিছিল। অৱশ্যে পিছত টীয়ক আৰক্ষীৰ তৎপৰতাত মটৰচাইকেলসহ আৰু এজন ওচৰৰ যুৱক জিৎপল চাংমাইৰ সৈতে বিশ্বাসঘাটক তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ জেৰাত অভিযুক্ত যুৱকজনে সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে।
লগতে পঢ়ক : লকডাউনৰ সময়ছোৱাক উপযুক্ত ব্যৱহাৰ কৰিলে ৰূপাংকৰ ভট্টাচাৰ্যই