শিলচৰ: পশুৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত হোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে অলপতে অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মঙলবাৰে অসম-ত্ৰিপুৰা সীমান্তৰ কদমতল আৰক্ষী থানাৰ অন্তৰ্গত সৰলাত অভিযুক্ত যুৱকজনে এটা গৰু পোৱালিৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত হৈছিল।
ধৃত যুৱকজনক কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ ২৩ বছৰীয়া হালিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে শিলচৰৰ নগৰৰ পৰা প্ৰায় ১২০ কিঃ মিঃ নিলগৰ সৰলাত এটা পানী যোগান প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰা যুৱকজনে মঙলবাৰে দিনৰ প্ৰায় ১১.৪৬ বজাত কোনো মানুহ নথকাৰ সুযোগ লৈ এটা গৰু পোৱালিক আওহতীয়া ঠাইলৈ লৈ গৈছিল।
যুৱকজনক গৰু পোৱালিটোৰ সৈতে দেখা পাই এটা শিশুৱে স্থানীয় লোকক খবৰ দিয়াত অঞ্চলটোৰ একাংশ লোকে যুৱকজনক গৰু পোৱালিটোৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত থকা অৱস্থাত ধৰা পেলায় বুলি অভিযোগ কৰে।
স্থানীয় লোকৰ খবৰৰ ভিত্তিত কদমতল আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত যুৱকজনক আটক কৰে।
যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ ধাৰা আৰু Prevention of Cruelty to Animals Act ৰ অধীনত এটা গোচৰ ৰুজু কৰা হয় বুলি কদমতল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ দেবে জানিবলৈ দিয়ে।
অভিযুক্ত যুৱকজনে বলপূৰ্বকভাৱে যৌন সংগমত লিপ্ত হ’ব খোজা গৰু পোৱালিটোক এখন স্থানীয় পশু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হয়।
লগতে পঢ়ক – বানাক্ৰান্ত ৰাইজৰ কাষত বদৰুদ্দিন আজমল