মাৰ্ঘেৰিটা: সমন্বয় সমাজ কল্যাণ যুৱ সন্থা মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত আজি মাৰ্ঘেৰিটা টাউন হাইস্কুলত কৃতী ছাত্ৰ ছাত্ৰিৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

এই উপলক্ষে অনুষ্ঠিত মুকলি সভাৰ সভাপতিত্ব কৰে সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ সভাপতি লক্ষীকান্ত বড়াই, আদৰণি ভাষণ প্ৰদান কৰে সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ সম্পাদক শীৰ্ষজ্যেতি (প্ৰাঞ্জল) নেওগে।

সম্বৰ্ধনা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক জ্যোতি গগৈ, ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পৱিত্ৰ বৰগোহাঞি, মাৰ্ঘেৰিটাৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপদেষ্টা ৰামপ্ৰসাদ আম্বেদকাৰ, সাংবাদিক মিঠুন বৰুৱা, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্ত, সমাজ কৰ্মী হিমান্ত মাধৱ কটকী সহ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থকা কৃতী ছাত্ৰ ছাত্ৰিৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৬০ গৰাকী ছাত্ৰ ছাত্ৰীক মানপাত্ৰ আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক – CR7: ৰোণাল্ডোৰ শেষ ভৰষা এটলেটিকো মাদ্ৰিদ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply