নিউজ ডেস্ক: কাৰ্বি আংলং জিলাত আজি বৃহৎ পৰিমাণৰ আফিং জব্দ কৰা হয়। জিলাখনৰ বৰপথাৰত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে, আজি বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপেন বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত অভিযান চলাই কানিখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে বৰপথাৰত এখন বিশেষ তালাচী চকী বহুৱাই নাগালেণ্ডৰ দিশৰ পৰা আহি থকা GJ 12AT 6129 নম্বৰৰ এখন ট্ৰাকৰ পৰা উক্ত কানিখিনি জব্দ কৰে।

জব্দ কৰা কানিখিনিৰ ওজন ৪৫ কেজি আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কানিখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক আটক কৰে বুলি জনায়।

লগতে পঢ়ক – মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পাছত চৰকাৰী বিভাগৰ টুইটাৰ একাউন্ট হেক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply