গুৱাহাটীঃ অসমীয়া ছবিজগতৰ জনপ্ৰিয় তথা উদীয়মান অভিনেতা কিশোৰ দাসৰ দেহাৱসান। দীৰ্ঘদিন ধৰি কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। শনিবাৰে চেন্নাইৰ এখন হস্পিতালত মৃত্যুবৰণ কৰে অভিনেতাগৰাকীয়ে।

গুৱাহাটীৰ হেলথ চিটী হস্পিতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাসক কেইমাহমান পূৰ্বে উন্নত চিকিৎসাৰ বাবে মুম্বাই আৰু তাৰ পিছত চেন্নাইলৈ লৈ যোৱা হৈছিল।

কিশোৰ দাসৰ চিকিৎসাৰ বাবে বিভিন্নদল সংগঠনৰ লগতে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াইছিল।

কৰ্কট ৰোগৰ চিকিৎসা চলি থকাৰ মাজতে ক’ভিডতো আক্ৰান্ত হৈছিল অভিনেতাজন।

অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply