নিউজ ডেস্কঃ সুস্থ হৈছে কে কে ছাৰ নামে খ্যাত জনপ্ৰিয় অসমীয়া অভিনেতা সিদ্ধাৰ্থ শৰ্মা। ৰেঙনি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা গৰাকী হঠাৎ অসুস্থ হোৱাত গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।

অভিনেতাগৰাকী উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’কত আক্ৰান্ত হৈ আই.চি.চি.ইউ ভৰ্তি হৈছিল। বৰ্তমান অভিনেতা গৰাকী সুস্থ অৱস্থাত আছে বুলি খোদ অভিনেতাগৰাকীয়ে অসমবাসীক জনায়।

কালিলৈ হাস্পতালৰ পৰা ৰিলিজ ল’ব বুলিও অভিনেতাগৰাকীয়ে জনায়। বেহৰবাৰী আউটপোষ্টত দৰ্শকক অভিনয়েৰে মোহিত কৰা অভিনেতাগৰাকীৰ হঠাৎ অসুস্থতাত অনুৰাগীসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply