জনপ্ৰিয় নৃত্যশিল্পী তথা অভিনেতা , মিউজিক ভিডিঅ’, ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয় হোৱা অভিনেতা কিশোৰ দাস বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ হেল্থ চিটি হস্পিতালত চিকিৎসাধীন হৈ আছে । যোৱা সময়চোৱাত ৰাইজৰ ওচৰত সহায় বিচৰাৰ সময়ত এতিয়া অভিনেতাজনলৈ সহায়ৰ হাত আগবাঢ়াইছে বিভিন্নজনে।
মাত্ৰ ২৮ বছৰ বয়সতে জটিলৰোগত আক্ৰান্ত কিশোৰ দাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ২.৫০ লাখ টকাৰ সাহায্য। অসমৰ চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমেও আগবঢ়াইছে সহায়।আনহাতে জুবিন গাৰ্গে দিব চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ খৰছ।
উন্নত চিকিৎসাৰ বাবে দেওবাৰে বিয়লি কিশোৰক লৈ যোৱা হ’ব মুম্বাইলৈ।মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চলিব চিকিৎসা।এই কথা সদৰি কৰিলে বৰ্তমানে চিকিৎসাধীন হেল্থ চিটি হাস্পাতালে। কিশোৰৰ আশু আৰোগ্য কামনা কৰিছে অজস্ৰ গুণমুগ্ধই।
লগতে পঢ়ক- লখিমপুৰ জিলাৰ পৌৰ নিৰ্বাচনত ভোটাৰৰ সহাৰি