নিউজ ডেস্ক : অসমীয়া তথ্যচিত্ৰ ‘মন পখিলা- Dream of a Woman’-এ ইণ্ডো-ফ্ৰেন্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFIFF)-ত ‘Best Film on Women Short Film’ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ইয়াৰ উপৰি ছবিখনে মহোৎসৱটোত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ শিতানত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।
ইণ্ডো-ফ্ৰেন্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উপৰি ‘মন পখীলা’-এ হোডু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (HIFT)-ত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
মালবিকা শইকীয়াৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰিয়ংকা চহৰীয়াৰ দ্বাৰা পৰিচালিত চুটি তথ্যচিত্ৰখনত দৃশ্যগ্ৰহণৰ মূল কাম (DOP) কৰিছে মাৰুফ বিন ৰফিকে। ছবিখনত সমাজৰ চকুৰ আঁৰত থাকি যোৱা নাৰীসকলৰ জীৱন সংগ্ৰমৰ জীয়া কাহিনী তুলি ধৰা হৈছে।

তথ্যচিত্ৰখনৰ সন্দৰ্ভত পৰিচালিকা প্ৰিয়ংকা চহৰীয়াই কয়, ‘এই ছবিখন নিৰ্মাণ কৰাটো মোৰ এক বহুদিনীয়া আশা আছিল। উত্তৰ-পূবৰ এগৰাকী নাৰী হিচাপে মই ইয়াৰ বিবাহিত মহিলাসকলৰ মৰহি যোৱা সপোন আৰু আকাংক্ষা বিলাক অনুভৱ কৰিব পাৰো।’
অলপতে গুৱাহাটীত তথ্যচিত্ৰখনৰ এক প্ৰদৰ্শনী আয়োজন কৰা হৈছিল। উক্ত প্ৰদৰ্শনীত উপস্থিত ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট পৰিচালকে ছবিখনৰ যথেষ্ট প্ৰশংসা কৰে।
লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান শতাধিক কংগ্ৰেছৰ