নিউজ ডেস্কঃ আহি আছে ২০২২ বৰ্ষৰ প্ৰথমখন অসমীয়া ছবি ‘গংগা’- এখনি বোৱতী হিয়া’। শ্লোগান মাথোঁ এটা- দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। আজি পুৱা ১১ বজাত গুৱাহাটী মহানগৰীৰ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। ছবিখনৰ প্ৰচাৰৰ বাবে চানমাৰীৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱ হৈ জিএছ ৰোডেৰে জ্যোতিচিত্ৰবনত সামৰণি পৰে।
শোভাযাত্ৰাত চিত্ৰনাট্যকাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিজিৎ ভট্টাচাৰ্য্য, সংগীত পৰিচালক অজয় ফুকন, অভিনেতা অৰূপ বৈশ্য, ৰাগ ঐনিতম, সঞ্জীৱ শৰ্মা, যোগেশ কাশ্যপৰ লগতে শিশুশিল্পী সৃষ্টি ৰয় আৰু অভিলাষা ডেকাই অংশগ্ৰহণ কৰে। লগতে সমগ্ৰ শোভাযাত্ৰাৰ সময়ত এটি বিহু হুঁচৰি দলেও অংশগ্ৰহণ কৰিছে।
‘গৌৰী ফিল্মছ’ৰ এই অসমীয়া ছবিখনক অসমীয়া ৰাইজে আকোৱালী ল’ব বুলি আশা ব্যক্ত কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। ‘অসমীয়া ছবিসমূহে অসমত আগস্থান পাওঁক আৰু বাহিৰতো এক সুন্দৰ আসন লাভ কৰাৰ আশা ৰাখিছো’ বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।
অতি শৃংখলাবদ্ধভাৱে প্ৰায় ৩ শতাধিক বাইকেৰে আৰম্ভ হয় এই শোভাযাত্ৰা। ছবিখনৰ সৈতে জড়িত সকলো শিল্পীয়ে গংগা ছবিখন চাবলৈ অনুৰোধ জনাইছে অসমীয়া ৰাইজক। ছবিখন চাই সকলো দৰ্শকে ভাল পাব বুলি আশা ব্যক্ত কৰাৰ লগতে শিল্পী সকলে কয় যে- ছবিখন চাই কিবা ভুল-ক্ৰুটি দেখিলে আমাক জনাওঁক যাতে অনাগত দিনত আৰু অধিক ভালকৈ অসমীয়া ছবিসমূহ নিৰ্মান কৰিব পৰা যায়।
উল্লেখ্য যে, এই ছবিখন ছবিগৃহত গৈ টিকট ক্ৰয় কৰাৰ লগতে book my show এপ যোগেও টিকট ক্ৰয় কৰিব পাৰিব বুলি জনাইছে ছবিখনৰে জড়িত শিল্পীসকলে। লগতে অসমীয়া ছবিজগতখনক দেশৰ ভিতৰত আগশাৰীত থিয় কৰাবলৈ সকলো অসমীয়াকে আগবাঢ়ি আহিবলৈও অনুৰোধ জনালে শিল্পীসকলে।