গুৱাহাটী: দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাতে। কেনি বসুমতাৰী পৰিচালিত ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহত প্ৰায় ৪০ লাখ টকাৰ ব্যৱসায় কৰিছে।

জানিব পৰা মতে, অসমীয়া কমেডী ছবিখনে আনকি মুক্তি লাভ কৰা অসমৰ ছবিগৃহ সমূহত ৰনবীৰ সিং অভিনীত Jayeshbhai Jordaar আৰু Dr Strange আদি বলিউডৰ ছবিতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

ছবিখনৰ প্ৰতি দৰ্শকে দেখুওৱা অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি চাই চলচ্চিত্ৰখন প্ৰদৰ্শন হৈ থকা প্ৰায় আটাইকেইটা ছবিগৃহতে দৰ্শনীৰ সংখ্যা বঢ়াই দিয়াৰ লগতে দ্বিতীয়টো সপ্তাহৰ বাবে ছবিখন প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে।

ছবিখনৰ এই সাফল্যত যথেষ্ট উৎফুল্লিত পৰিচালক কেনি বসুমতাৰীৰ লগতে ছবিখনৰ সমূহ দলটো। ছবিখনৰ প্ৰতি জনোৱা ব্যাপক সঁহাৰিৰ বাবে অসমৰ ৰাইজক পৰিচালক গৰাকীয়ে ধন্যবাদ জনাই কয়, ‘মোৰ পৰৱৰ্তী ছবিৰ বাবে এতিয়া কাৰো পৰা মই পইচা বিচাৰিব নালাগে আৰু মই বিচৰা ধৰণে ছবিখন বনাব পাৰিম।‘’

আনহাতে অসমত লাভ কৰা সাফল্যৰ পিছত এতিয়া অসমৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অহা ২৭ মে’ত দিল্লী, নয়ডা, মুম্বাই, খাড়ঘৰ, বেংগালোৰ আৰু কলিকতাৰ ছবিগৃহত লোকেল উৎপাত মুক্তি পাব।

লগতে পঢ়ক – ইউৰোপত মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ; জানক মাঙ্কিপক্সৰ লক্ষণসমূহ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply