নিউজ ডেস্ক: “শ্ৰী ৰঘুপতি”ৰ পাছতে এইবাৰ ছবিগৃহত মুক্তি লাভ কৰিব এন কে প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত ছবি ‘দ্য শ্লেমবুক’। এন কে প্ৰডাকচনৰ ৪০ বছৰীয়া সফল যাত্ৰাত দৰ্শকলৈ উপহাৰ হিচাপে আগবঢ়াইছে এই ছবিখন । শুক্ৰবাৰে অৰ্থাৎ ৩০ জুনত সকলো চিত্ৰগৃহতে মুক্তি লাভ কৰিব ছবিখনে ।

ছবিখন প্ৰযোজনা কৰিছে প্ৰডাকচন হাউচৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে । কাহিনী-পৰিচালনা প্রাঞ্জল গৈয়াৰীৰ ৷ চিত্রনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। ৰেড এপিক আৰু ৰেড এম এ’ কেমেৰাৰে ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম । ৰূপসজ্জা কাম্‌ছীৰ । কৰিঅ’গ্ৰাফাৰ- দীপক দে’ আৰু উদয় শংকৰ ।

‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে- নিৰূপম শ‍ইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্রেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধার্থ মূখার্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে।

জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্নিৱিষ্ট হৈছে চাৰিটিকৈ গীত। ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply