নিউজ ডেস্কঃ সমন্বয়ৰ নিৰ্দেশ দেখুৱাবলৈ গৈ অপমান কৰা হ’ল অসমীয়া গামোচাক। যি অসমীয়া গামোচাই বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভৌগোলিক ইংগিত অৰ্থাৎ GI Tag লাভ কৰিছিল সেই গামোচাক আজি মিশ্ৰিত হ’ল।

সম্প্ৰীতিৰ নিৰ্দেশন দেখুৱাবলৈ গৈ এফালে অসমীয়া গামোচা আৰু আনফালে বাংলা গামোচা একলগ কৰা হ’ল।

মালিগাৱঁত অনুষ্ঠিত বাংলা সাহিত্য সভাত বিশিষ্ট অতিথি সকলক দিয়া হয় এই বিশেষ গামোচাখন। বিশিষ্ট অতিথিসকলৰ ভিতৰত আছিল অসম চৰকাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু। মন্ত্ৰী ৰণোজ পেগুৱেও এই বিশেষ খিচিৰি গামোচাখন পৰিধান কৰা দেখা গ’ল।

মন্ত্ৰী পেগুৱে আজি সংবাদ মাধ্যম সন্মুখত গা এৰা মন্তব্য প্ৰদান কৰি কয় যে, গামোচাক অপমান কৰা হোৱা নাই। লগতে কয়, ই বিতৰ্ক হোৱা বিষয় বুলি নাভাবে ৰণোজ পেগুৱে।

যি সময়ত ৰাজ্য চৰকাৰে অসমীয়া গামোচাক এক উচ্চ মানদণ্ড দিবলৈ অহৰহ চেষ্টা কৰি আছে সেই সময়ত অসম চৰকাৰৰ এজন মন্ত্ৰী উপস্থিতিত খিচিৰি গামোচা এক অনুষ্ঠানত ব্যৱহাৰ হোৱাটো কিমান দূৰ অসমীয়াই মানি ল’ব সেইয়া সময়ত হে লক্ষণীয় হ’ব।

লগতে পঢ়ক – ২ লাখ নিবনুৱা যুৱক-যুৱতীক ২ লাখকৈ টকা প্ৰদানৰ বাবে চৰকাৰৰ নতুন আঁচনি

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অসমীয়াৰ স্বাভিমান গামোচা পিন্ধি বহু কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে। এনে ক্ষেত্ৰত বাংলা সাহিত্য সভাই বিকৃত কৰা অসমীয়া গামোচাক অসমবাসীয়ে কিদৰে আদৰি লয় সেইয়া সময়হে ক’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply