ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা ।
আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ সাংবাদিক আছিল বৰুৱা ।
শনিবাৰে পুৱা ৮.৪০ মিনিটত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক গৰাকীৰ ।
ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সাংবাদিক গৰাকী ।
শুকুৰবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল তেওঁৰ পত্নী নিলাক্ষী ভট্টাচাৰ্য্যৰ ।
একমাত্ৰ কন্যাক ইহ সংসাৰত এৰি গৈছে দুয়োৱে ।
কল্যান বৰুৱা যোৱা সময়চোৱাত দিল্লীত গৈ সাংবাদিকতা কৰিবলৈ যোৱা অসমৰ সাংবাদিকসকলৰ বাবে অভিভাৱক ৰূপে আছিল ।
আনহাতে অসমৰ দিল্লীত কৰ্মৰত আনজন সাংবাদিক অৰ্নিবান বৰাৰো আজি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় দিল্লীৰ এখন চিকিৎসালয়ত ।
ইকনমিক টাইমছ কাকতৰ গ্ৰাফিক্স ডিজাইনাৰ আছিল অণিৰ্বান বৰা ।
মৃত্যুৰ সময়ত পত্নী আৰু পুত্ৰ সন্তান এৰি থৈ গৈছে ।