নিউজ ডেস্কঃ শিলচৰ ৰে’ল ষ্টেচনত চৰকাৰী বিজ্ঞাপনত অসমীয়া ভাষাৰ পোষ্টাৰ লগোৱা কাৰণে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিক্ষোভ প্ৰতিবাদ। কলা ৰং সানিলে অসমীয়া ভাষাৰ পোষ্টাৰত।
ইয়াৰ পিছতেই এই কাণ্ডই জোকাৰি গৈছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ।
লখিমপুৰত চৰকাৰী ফলকত অসমীয়া ভাষাক অপমান কৰাৰ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ।
নগৰৰ মাজত বৰাক ডেমোক্র্যাটিক ফ্ৰন্ট আৰু বঙালী যুৱ ছাত্র সন্থাৰ নাম দাহ কৰি প্ৰতিবাদ।
১৯৬০ ৰ পৰাই অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র কৰাৰ অভিযোগ তুলি এনে কাৰ্য্য সহ্য কৰা নহব বুলি সকিয়নী যুৱ মঞ্চৰ।
সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰি নেতৃত্বক গ্ৰেপ্তাৰ ৰ বাবে মুখ্যমন্ত্রীক আহ্বান। অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র কৰা সংগঠন দুটাক সন্মুখ -সমৰলৈও প্ৰত্যাহ্বান অসমীয়া যুৱ মঞ্চৰ।
লগতে পঢ়কঃচৰকাৰক ৰাজনৈতিক ভাৱে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কোঁচ-ৰাজবংশীসকল