গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক দাৰা আহমেদৰ দেহাৱসান।

দেওবাৰে বুকুৰ বিষত ভুগি অসুস্থ হৈ পৰা পৰিচালক গৰাকীক মহানগৰীৰ এ’প’ল হস্পিতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ।

অৱশেষত সোমবাৰে পুৱা এ’প’ল হস্পিতালত পৰিচালকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ বয়স।

আৰু পঢ়কঃইমান দিনে চকু মুদা কুলিৰ ভাও ধৰা ৰঙিয়া আৰক্ষীয়ে চকু মেলিলে

অসমীয়া ছবিজগতত দাৰা আহমেদে বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰ উপহাৰ দি গৈছে।

তাৰে ভিতৰত ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি অন্যতম ।
তেওঁ জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।

পৰিচালক গৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে ।
 তেওঁ শোক প্ৰকাশ কৰি কয়, ”দাৰা আহমেদৰ বিয়োগত অসমীয়া চলচ্চিত্ৰ জগতত এক শূণ্যতাৰ সৃষ্টি হ’ল।মই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply