গুৱাহাটী : সমগ্ৰ অসমত অহা ১ ব’হাগৰ পৰা আৰম্ভ হ’ব খিলঞ্জীয়া সংখ্যালঘু মুছলমান জনগোষ্ঠী গৰিয়া¸ মৰিয়া আৰু দেশী লোকসকলৰ জৰীপ প্ৰক্ৰিয়া। পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনত অস্তিত্ব বিপন্ন হ’বলৈ ধৰা জনগোষ্ঠী তিনিটাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৰা হ’ব এই জৰীপ। ঘোষণা কৰিও জৰীপৰ কাম আৰম্ভ কৰাত ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পাছত ইয়াৰ দায়িত্ব এতিয়া গ্ৰহণ কৰিছে অসমৰ খিলঞ্জীয়া সংখ্যালঘু সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় সমন্বয় পৰিষদ¸ অসমে। আজি গুৱাহাটীত এখন সংবাদমেলযোগে এই কথা সদৰী কৰিছে পৰিষদৰ মুখ্য আহ্বায়ক মুমিনুল আৱালে।
মমিনুক আৱালে জনোৱা মতে অনলাইন প্ৰক্ৰিয়াৰে জৰীপ প্ৰক্ৰিয়া চলোৱা হ’ব। ইয়াৰ বাবে মুকলি কৰা www.jspacensus.com শীৰ্ষক ৱেব প’ৰ্টেলযোগে জনগোষ্ঠী তিনিটাৰ লোকসকলে আবেদন কৰিব পাৰিব। জৰীপৰ বাবে আবেদনপত্ৰ গ্ৰহণ কৰা হ’ব অহা ১৫ এপ্ৰিলৰ পৰা। জনগোষ্ঠীকেইটাৰ লোকসকলে তিনিমাহৰ ভিতৰত অৰ্থাৎ অহা ১৫ জুলাইৰ পূৰ্বে আবেদন পত্ৰসমূহ জমা দিব লাগিব। কোনো ব্যক্তিৰ আবেদন পত্ৰত ভুল-ত্ৰুটি থাকিলে সেয়া মেছেজ যোগে ব্যক্তিগৰাকীক জনোৱা হ’ব আৰু সেইমৰ্মে তেওঁ পুনৰ আবেদন কৰাৰ সুবিধা পাব।
আৰু পঢ়কঃঅসমৰ চাৰিটা কেন্দ্ৰত ২০ এপ্ৰিলত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ
আবেদনসমূহ পৰীক্ষা কৰাৰ পাছত ৰাজহ চক্ৰ ভিত্তিত জৰীপৰ খচৰা তালিকা প্ৰকাশ কৰা হ’ব। খচৰা তালিকাত জনগোষ্ঠী তিনিটাৰ নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক আবেদন কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। আনহাতে¸ খচৰাত জনগোষ্ঠীকেইটাৰ বাহিৰৰ কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ’লে সেয়া কৰ্তন কৰা হ’ব। অকৰ্ত্তৃত্বশীলভাৱে নাম অন্তৰ্ভুক্ত হোৱা ব্যক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ ব্যৱস্থা লোৱা হৈছে। গৰিয়া¸ মৰিয়া আৰু দেশী জনগোষ্ঠীৰ প্ৰায় ২৩ টা সংগঠন আছে। এই সংগঠনসমূহে আপত্তি দৰ্শাব পাৰিব। আপত্তিসমূহৰ বিপৰীতে ৰাজহ চক্ৰ এলেকা ভিত্তিত শুনানী গ্ৰহণ কৰা হ’ব। শুনানীত অভিযোগ সত্য প্ৰমাণিত হ’লে সংশ্লিষ্ট ব্যক্তিৰ নাম কৰ্তন কৰা হ’ব।
সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী ব্যক্তিক একোখনকৈ পৰিচয়পত্ৰ প্ৰদান কৰা হ’ব। মমিনুক আৱালে জনোৱা মতে আবেদন দাখিলৰ সময়ত গাঁওবুঢ়া বা অন্য কোনো কৰ্ত্তৃত্বশীল লোকৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব। পৰিষদে বাচনি কৰি দিয়া জনগোষ্ঠীকেইটাৰ পাঁচটা সংগঠনৰ জৰিয়তেও প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মমিনুক আৱালে কয় যে অসম আন্দোলনৰ সময়ৰ পৰা ৰাজ্যখনত ব্যাপকভাৱে চৰ্চিত হোৱা প্ৰব্ৰজনৰ বিষয়টোৱে খিলঞ্জীয়া ইছলাম জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট ক্ষতি কৰিছে।
বিশেষকৈ পূৰ্ববংগীয় মূলৰ মুছলমান লোকৰ নামৰ লগত সাদৃশ্য থকাত নামনি অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলে সততে অনাহূত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। এতিয়া অসমত ধৰ্মীয় সংখ্যালঘু মানেই প্ৰব্ৰজিত মুছলমান বুলি ধাৰণা দিয়া হয়। অথচ আহোমৰ ৰাজত্বৰ সময়ৰপৰা স্বাধীনতা সংগ্ৰাম আৰু বিভিন্ন সময়ত হোৱা জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনলৈ খিলঞ্জীয় মুছলমান জনগোষ্ঠীকেইটাৰ লোকসকলৰ যথেষ্ট অৱদান আছে। গৰিয়া¸ মৰিয়া¸ দেশীসকল যে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ সেয়া প্ৰতিষ্ঠাৰ বাবে জনগোষ্ঠীকেইটাই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এইক্ষেত্ৰত চৰকাৰে সহযোগ নকৰাত ক্ষোভ ব্যক্ত কৰি মমিনুল আৱালে কয় যে খিলঞ্জীয়া মুছলমান জনগোষ্ঠীকেইটাৰ সুৰক্ষাৰ বাবে চৰকাৰে বহু কথা ঘোষণা কৰিছিল।
বিশেষকৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক লৈ জনগোষ্ঠীকেইটাৰ লোকসকল যথেষ্ট আশাবাদী আছিল। চৰকাৰখনে জনগোষ্ঠীকেইটাৰ বাবে বিধানসভাত বহু ঘোষণা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে সেই ঘোষণাসমূহ কাৰ্যকৰী কৰিবলৈ পৰিষদে চৰকাৰক দাবী জনাইছিল কিন্তু চৰকাৰখনে এই দাবী কাৰ্যকৰী নকৰাত পৰিষদে নিজাববীয়াকৈ গৰিয়া¸ মৰিয়া আৰু দেশীসকলৰ জৰীপ কৰাৰ সিদ্ধান্ত লৈছে। ঘোষণা কাৰ্যকৰী কৰিব নোৱাৰাটো চৰকাৰখনৰ বৃহৎ বিফলতা বুলি মন্তব্য কৰি মমিনুল আৱালে কয় যে গৰিয়া¸ মৰিয়া¸ দেশীকে ধৰি অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলক পূৰ্ববংগীয় মুছলমানৰ লগত সাঙুৰি একাকাৰ কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি।
আৰু পঢ়কঃড’পিঙত জড়িত ভাৰতীয় এথলীট, নিলম্বিত হ’ল কমনৱেলথ চেম্পিয়নশ্বিপৰ পৰা
সম্প্ৰতি অসমত সামাজিকভাৱে আৰু পৰিকল্পিতভাৱে কিছু নতুন নতুন সংগঠনৰ সৃষ্টি কৰি ধৰ্মীয় চিন্তাৰে সকলো ইছলামধৰ্মী লোকক একেখন মঞ্চলৈ অনাৰ বাবে কূটকৌশল চলাই থকা হৈছে। এনে চক্ৰান্তক প্ৰতিহত কৰিবলৈ গৰিয়া¸ মৰিয়া¸ দেশী জনগোষ্ঠীৰ প্ৰতিগৰাকী লোক সচেতন হ’ব লাগিব। তেওঁ লগতে কয় যে জৰীপৰ ক্ষেত্ৰত গৰিয়া¸ মৰিয়া আৰু দেশী জনগোষ্ঠীৰ লোকসকলৰ সহযোগিতাৰ প্ৰয়োজন হ’ব। এই সহযোগিতা লাভ কৰিব বুলি জনগোষ্ঠীয় সমন্বয় পৰিষদ আশাবাদী। সমগ্ৰ জৰীপকাৰ্যৰ বাবে প্ৰয়োজনীয় প্ৰায় ২ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা পৰিষদে কৰিব বুলিও ড° মুমিনুল আৱালে প্ৰকাশ কৰে।