গুৱাহাটীঃ গুৱাহাটীত উপস্থিত হ’ল ইউক্ৰেইনত অধ্যয়ন কৰি থকা অসমৰ কেইবাগৰাকীয়ো শিক্ষাৰ্থী ।
শুকুৰবাৰে দিল্লীত উপস্থিত হোৱাৰ পিছত আজি গুৱাহাটী আহি পালে শিক্ষাৰ্থীকেইগৰাকী।
বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা শিক্ষাৰ্থীকেইগৰাকী হ’ল জিন্টু ফুকন, ভাৰ্গৱ নাৰায়ণ চৌধুৰী, নিশিকেশ কৌশিক,পাকিজ আহমেদ, আলাদিল নুৰুদ্দিন, ধৃতিমান ভিক্টৰ ভূঞা, হিমজ্যোতি তালুকদাৰ,আৰ্চালন নাজিন ।
আটাইকেইগৰাকী এয়াৰ এছিয়া বিমানযোগে উপস্থিত হয় গুৱাহাটী বিমানবন্দৰত ।
নিজ মাতৃভূমিত উপস্থিত হোৱাৰ পিছতেই উৎফুল্লিত হৈ উঠে পৰিয়ালৰ লোকৰ লগতে শিক্ষাৰ্থীকেইগৰাকী।